নিউজ ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া টি-২০ শৃংখলাৰ বাবে ইতিমধ্য়ে মৌহালীত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দল। পঞ্জাৱ ক্ৰিকেট এছচিয়েচনে ছচিয়েল মিডিয়াত ইয়াৰে ভিডিঅ’ শ্বেয়াৰ কৰিছে।

উল্লেখ্য যে, অহা ২০ ছেপ্টেম্বৰত মৌহালীৰ পিচিএ ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টি-২০ শৃংখলাৰ প্ৰথমখন মেচ খেলা হ’ব।

অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজৰ এই শৃংখলাত বিৰাট কোহলীৰ খেল চাবলগীয়া হ’ব। কিয়নো শেহতীয়াকৈ হৈ যোৱা এছিয়া কাপত আফগানিস্তানৰ বিৰুদ্ধে খেলা মেচখনত ভাৰতৰ হৈ বিৰাট কোহলীয়ে চেঞ্চুৰী কোবায়।

কোহলীৰ অনুৰাগীসকলে এইখন মেচতো প্ৰিয় খেলুৱৈগৰাকীয়ে তেনে খেল দেখুৱাব বুলি আশা কৰি আছে।

উল্লেখ্য় যে, ভাৰতীয় ক্ৰিকেট দলত থকা খেলুৱৈসকল ক্ৰমে- ৰোহিত শৰ্মা (অধিনায়ক), কেএল ৰাহুল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুড্ডা, ঋষভ পান্ট, দিনেশ কাৰ্তিক, হাৰ্দিক পাণ্ডেয়া, আৰ অশ্বিন, যুজবেন্দ্ৰ চহল, অক্ষৰ পেটেল, ভূৱনেশ্বৰ কুমাৰ, মহম্মদ শ্বামী, হৰ্ষল পেটেল, দীপক চাহৰ আৰু যশপ্ৰীত বুমৰাহ।

ইফালে, অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোত থকা খেলুৱৈসকল হৈছে- শ্বীন এবাৰ্ট, এষ্টন এগৰ, পেট কমিংছ, টিম ডেভিড, নাথন এলিছ, এৰোন ফিঞ্চ, কেমৰন গ্ৰীণ, যোশ হেজলবুড, যোশ ইংলিছ, গ্লেন মেক্সৱেল, কেন ৰিচৰ্ডছন, ডেনিয়েল ছেমছ, ষ্টীব স্মিথ, মেথিউ বেড আৰু এডাম জম্পা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply