ৰাজৰ্ষি চহৰীয়া

চিৰবৈৰী পাকিস্তান সাৱধান, সাৱধান চীন। আহি গ’ল ভাৰতীয় নৌ সেনাৰ বাহুবলী বিক্ৰান্ত। বিক্ৰান্ত কি, হয়তো ইতিমধ্যে প্ৰতিগৰাকী ভাৰতীয়ই গমেই পাইছে। কিন্তু ভাৰতৰ প্ৰতিখন শত্ৰু ৰাষ্ট্ৰই এই বিক্ৰান্তৰ ওপৰত নজৰ ৰাখিছে। কিয়নো এতিয়া বিক্ৰান্ত হৈ পৰিছে ভাৰতৰ শত্ৰুৰ বাবে মূৰৰ কামোৰণি।

ভাৰতৰ স্থল সেনাৰ বীৰত্বৰ কথা সকলোৱে জানে, জানে world directory of modern military Aircraftৰ তালিকাত চীনক পিছ পেলাই ভাৰতীয় বায়ু সেনাই আগস্থান লাভ কৰাৰ কথা। আৰু এতিয়া ভাৰতীয় নৌসেনাক অধিক শক্তিশালী কৰিবলৈ আহি গ’ল IAC বিক্ৰান্ত।

IAC বিক্ৰান্ত ভাৰতত নিৰ্মিত প্ৰথমখন বিমান বাহক। আৰু ২ ছেপ্টেম্বৰত নৌসেনাত অন্তৰ্ভুক্ত কৰা হ’ব IAC বিক্ৰান্তক। কোনো এখন ৰাষ্ট্ৰই ভাৰতত আক্ৰমন কৰিব বিচাৰিছিলে তিনিটা পথেৰেই আক্ৰমন কৰিব পাৰে- স্থল, জল আৰু বায়ু।

কিন্তু ভাৰতীয় নৌসেনাত বিক্ৰান্তক অন্তৰ্ভুক্ত কৰাৰ পাছত শত্ৰু ৰাষ্ট্ৰই জল পথ অৰ্থাৎ সাগৰ মাৰ্গেৰে আক্ৰমন কৰাৰ পূৰ্বে হাজাৰ বাৰ ভাবিব। IAC বিক্ৰান্তে চাৰিওটা সাগৰীয় পৰীক্ষণ সফলতাৰে ইতিমধ্যে সম্পূৰ্ণ কৰিছে।

১০ জুলাই, ২০২২ত বিক্ৰান্তে চতুৰ্থ পৰ্যায়ৰ সাগৰীয় পৰীক্ষণ সম্পূৰ্ণ কৰে। তাৰ পূৰ্বে ২০২১চনৰ ২১ আগষ্টত Maiden Sea Trials, ২১ অক্টোবৰত দ্বিতীয় পৰ্যায়ৰ আৰু ২০২২ৰ ২২ জানুৱাৰীত তৃতীয় পৰ্যায়ৰ সাগৰীয় পৰীক্ষণ সফলতাৰে সম্পন্ন কৰে বিক্ৰান্তে।

ভাৰতৰ বাবে বিমান বাহক থকাটো কিয় গুৰুত্বপূৰ্ণ?

Aircraft Carrier হৈছে এখন ৰাষ্ট্ৰৰ বাবে আটাইতকৈ শক্তিশালী সামুদ্ৰিক সম্পদ। যি বিমান আধিপত্য অভিযান চলাবলৈ নৌসেনাৰ নিজৰ দেশৰ উপকূলৰ পৰা দূৰলৈ যাত্ৰা কৰাৰ সামৰ্থ্য বৃদ্ধি কৰে। Aircraft Carrier-য়ে carrier strike/ battle groupৰ Capital Ship হিচাপে নেতৃত্ব দিয়ে।

ভাৰততে নিৰ্মিত IAC বিক্ৰান্ত

বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ মাত্ৰ ৫ বা ৬খন ৰাষ্ট্ৰৰে নিজৰ দেশতে বিমান বাহক অৰ্থাৎ Aircraft Carrier নিৰ্মাণ কৰাৰ ক্ষমতা আছে। আৰু ভাৰতেও এতিয়া এই তালিকাত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। বিশেষজ্ঞ আৰু নৌসেনাৰ বিষয়াসকলৰ মতে, ভাৰতে বিশ্বৰ আটাইতকৈ উন্নত আৰু জটিল যুদ্ধজাহাজ হিচাপে বিবেচিত Aircraft Carrier নিৰ্মাণৰ বাবে সমৰ্থতা আৰু আত্মনিৰ্ভৰশীলতা প্ৰদৰ্শন কৰিছে।

মন কৰিবলগীয়া আছে, ভাৰতীয় নৌ সেনাত পূৰ্বৰে পৰা Aircraft Carrier আছে। কিন্তু সেইবোৰ বহিঃৰাষ্ট্ৰত নিৰ্মাণ কৰা। বৰ্তমান ভাৰতীয় নৌসেনাৰ একমাত্ৰ বিমান বাহক INS Vikramaditya ছোভিয়েট-ৰাছিয়াত নিৰ্মিত। ইয়াৰ পূৰ্বৰ দুখন Aircraft Carrier ক্ৰমে INS বিক্ৰান্ত আৰু INS বিৰাটো ব্ৰিটিছ নিৰ্মিত HMS হাৰকিউলিছ আৰু HMS হাৰ্মিছ আছিল। আৰু এই দুয়োখন যুদ্ধজাহাজ ক্ৰমান্বয়ে ১৯৬১চনৰ পৰা ১৯৮৭চনত নৌসেনাত নিয়োজিত কৰা হৈছিল।

ভাৰতৰ নতুন বিমান বাহক IAC-1ৰ নাম কিয় ‘INS Vikrant’ ৰখা হ’ব?

INS Vikrant আছিল ভাৰতৰ প্ৰথমখন বিমান বাহক। ১৯৬১ চনত UKৰ পৰা অনা ১৯,৫০০ টন ওজনৰ যুদ্ধজাহাজ ‘বিক্ৰান্তে’ ১৯৭১ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০২১ত IAC-1য়ে প্ৰথম সাগৰীয় পৰীক্ষণ সফলতাৰে সম্পূৰ্ণ কৰাৰ পাছত নৌসেনাই এই দিনটোক ভাৰতৰ বাবে গৌৰৱান্বিত আৰু ঐতিহাসিক দিন হিচাপে প্ৰশংসা কৰিছিল।

১৯৭১চনৰ যুদ্ধত ভাৰতৰ বিজয়ৰ ৫০ তম বৰ্ষ আছিল আৰু নৌসেনাই কৈছিল যে- এয়া কেৱল ভাৰতৰ প্ৰতিৰক্ষা প্ৰস্তুতি শক্তিশালী কৰাৰ দিশত আন এক পদক্ষেপেই নহয়, ১৯৭১ৰ যুদ্ধত আমাৰ বীৰ শ্বহীদ সৈনিক সকলৰ ত্যাগৰ প্ৰতি আমাৰ এক শ্ৰদ্ধাঞ্জলি।

নতুন বিক্ৰান্তত কি কি থলুৱা উপাদান আছে?

এই যুদ্ধজাহাজখন নিৰ্মাণৰ বাবে ৭৬ শতাংশ থলুৱা উপাদন ব্যৱহাৰ কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত আছে ২৩ হাজাৰ টন ষ্টীল, ২৫০০ কিলোমিটাৰ বৈদ্যুতিক কেবল, ১৫০ কিলোমিটাৰ পাইপ, ২০০০ ভালভ আদি। বিক্ৰান্তৰ নিৰ্মাণ কাৰ্যৰে ভাৰতীয় Industrial Houses যেনে- BEL, BHEL, GRSE, Keltron, Kirloskar, L&T, Wartsila India আদি জড়িত আছিল। নৌসেনাই কয় যে- প্ৰায় ২৩,০০০ কোটি টকাৰ প্ৰকল্প ব্যয়ৰ প্ৰায় ৮০-৮৫ শতাংশ ভাৰতীয় অৰ্থনীতিলৈ ঘূৰাই অনা হৈছে।

INS ‘বিক্ৰান্ত’ত কি কি অস্ত্ৰ আৰু সঁজুলি-সুবিধা থাকিব?

আপোনালোকক জনাই দিওঁ যে বিক্ৰান্তৰ ওজন ৪৪ হাজাৰ ৫০০ টন। আৰু ৩৪খন যুঁজাৰু বিমান আৰু হেলিকপ্টাৰ কঢ়িয়াব পাৰে বিক্ৰান্তে। এই বিমান বাহকখনে MiG-29K fighter jets, Kamov-31 Air Early Warning Helicopters, MH-60R Seahawk multi-role helicopters, Advanced Light Helicopters (ALH) কঢ়িয়াই নিব পাৰে।

তদুপৰি বিক্ৰান্তত ব্যৱহাৰ কৰা হ’ব Short Take Off But Arrested Recovery নামৰ aircraft-operation mode। এয়াৰক্ৰাফ্ট Launchingৰ বাবে ski-jump আৰু জাহাজত এয়াৰক্ৰাফ্টসমূহ অৱতৰণৰ বাবে ‘arrester wires’ৰ এটা ছেট আছে।

বিক্ৰান্তত ২ হাজাৰ ৩০০ তকৈও অধিক আছে কম্পাৰ্টমেণ্ট আছে। যি প্ৰায় ১৭০০ লোকৰ বাবে ডিজাইন কৰা হৈছে। মহিলা বিষয়া সকলৰ বাবে বিশেষ কেবিনো অন্তৰ্ভুক্ত কৰা হৈছে বিক্ৰান্তত । বিক্ৰান্তৰ Top Speed হৈছে ২৮ নট। ইয়াৰ উপৰিও এই এয়াৰক্ৰাফ্টখনে এবাৰত ৭৫০০ নটিকেল মাইল অতিক্ৰম কৰিব পাৰে। বিক্ৰান্ত ২৬২ মিটাৰ ওখ, ৬২ মিটাৰ প্ৰস্থ আৰু ইয়াৰ উচ্চতা ৫৯ মিটাৰ।

বিক্ৰান্তৰ নিৰ্মাণ কাৰ্য ২০০৯ চনত আৰম্ভ হৈছিল। আই এ চিৰ ফ্লাইট ডেক দুখন ফুটবল খেলপথাৰৰ সমান। জাহাজখন ভাৰতীয় নৌসেনাৰ আভ্যন্তৰীণ নৌ ডিজাইন সঞ্চালকালয়ে (ডি এন ডি) ডিজাইন কৰিছে। তদুপৰি বিক্ৰান্তক machinery operations আৰু ship navigationৰ ক্ষেত্ৰত উন্নত মানৰ স্বয়ংক্ৰিয়কৰণৰ সৈতে ডিজাইন কৰা হৈছে।

লগতে আছে medical equipment facilityয়ো। যেনে- major modular অপাৰেচন থিয়েটাৰ, emergency modular অপাৰেচন থিয়েটাৰ, physiotherapy clinic, ICU, laboratories, CT scanner, X-Ray machines, dental complex, telemedicineৰ সুবিধা আদি।

ইমান Advance আৰু High Technology ৰে ভৰপূৰ INS বিক্ৰান্তে যেতিয়া ভাৰতীয় নৌসেনাৰ হৈ সামুদ্ৰিক পথত প্ৰহৰা দিব, তেতিয়া থৰ থৰকৈ কঁপিব শত্ৰু দেশৰ ভৰি। আৰু বিক্ৰান্তে দেশক সুৰক্ষিত কৰি দপদপাই ফুৰিব ভাৰতৰ সাগৰীয় সীমান্তত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,467 other subscribers

Leave a comment

Leave a Reply Cancel reply