আজি ঝাৰখণ্ডৰ বিভিন্ন ছাত্ৰ সংগঠনে ৰাজপথলৈ ওলাই আহি চৰকাৰী চাকৰিত স্থানীয় লোকৰ বাবে ১০০ শতাংশ সংৰক্ষণৰ দাবী উত্থাপন কৰে।

ৰাঁচীৰ মোৰাবাদী অঞ্চলত ঝাৰখণ্ড ৰাজ্যিক ছাত্ৰ সন্থাৰ সদস্যসকলে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। লগতে এই প্ৰতিবাদৰ ফলত ৰাজ্যজুৰি বিদ্যালয় বন্ধ কৰাৰো নিৰ্দেশ দিয়ে আৰু ঝাৰখণ্ড একাডেমিক কাউন্সিলে নিৰ্ধাৰিত পৰীক্ষাসমূহো বাতিল কৰে।

তথ্য অনুসৰি, ৰাজ্যখনৰ ৰাজধানীত বন্ধৰ আহ্বানৰ পৰিপ্ৰেক্ষিতত প্ৰায় ২৫০০ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে।

আনহাতে, সোমবাৰৰ পৰা ছাত্ৰ সংগঠনসমূহে ৭২ ঘণ্টীয়া এই আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাপে চৰকাৰী চাকৰিসমূহত স্থানীয় লোকৰ বাবে ১০০ শতাংশ সংৰক্ষণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply