ৰাজৰ্ষি চহৰীয়া

গুৱাহাটী মহানগৰী। সদাব্যস্ত এইখন মহানগৰীত প্ৰতিদিনাই লাখ লাখ বাহন চলাচল কৰে পথসমূহত। এবাৰ ঘৰৰ পৰা পথটোলৈ ওলাই আহিলেই শুনিব গাড়ীৰ ইঞ্জিন আৰু হৰ্ণৰ শব্দ।

চাৰিওফালে কেৱল ট্ৰেফিক জাম। আচলতে এই সমস্য়া এতিয়াৰ নহয়। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশ দুৱাৰ গুৱাহাটী মহানগৰীত যান-জঁটৰ সমস্য়াটো এতিয়া এক প্ৰকাৰে সাধাৰণ ৰাইজৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে। 

ব্যৱসায়ৰ বাবেই হওঁক বা শিক্ষাগ্ৰহণৰ সম্পৰ্কেই হওঁক গুৱাহাটীখনলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি অস্থায়ী ভাৱে হলেওঁ থিতাপি লয়। তাৰ উপৰিও গুৱাহাটী মহানগৰীৰ স্থানীয় নিবাসীৰ সংখ্যা বহুত। 

YouTube video

এই বৃহৎ জনসংখ্যাৰ লগতে দিনকদিনে যান-বাহনৰো সংখ্যা বৃদ্ধি পোৱাৰ ফলতেই গুৱাহাটী মহানগৰীখনত তীব্ৰ যান-জঁট দেখিবলৈ পোৱা যায়। তাৰোপৰি যান-বাহন আৰক্ষীয়েও যান-জঁট নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থতে দিনৰ দিনটো ৰ’দে-বৰষুণে ট্ৰেফিক পইন্টসমূহত থিয় হৈ থাকিব লাগে। 

কেতিয়াবা এনেকুৱা হোৱা পৰিলক্ষিত হৈছে যে- কোনোবা দুচকীয়া বা চাৰিচকীয়া বাহনৰ চালকে ট্ৰেফিক পুলিচৰ ছিগনেল দিয়াৰ পূৰ্বেই পথটোৰে আগুৱাই যায় আৰু যান-বাহন আইন ভংগ কৰে। 

কিন্তু এতিয়া আৰু তেনে কৰা সম্ভৱ নহ’ব। কিয়নো স্মাৰ্ট চিটী প্ৰজেক্টৰ অধীনতে ইতিমধ্যে integrated traffic management system অৰ্থাৎ একত্ৰিত যান-জঁট ব্যৱস্থাপনা প্ৰণালীৰ উদ্বোধন কৰা হৈছে। 

জিএছ ৰোডত নতুন ট্ৰেফিক লাইটৰ পোষ্ট ব্যৱহাৰ কৰা হৈছে। এই নতুন ট্ৰেফিক মেনেজমেন্ট ছিষ্টেমৰ জৰিয়তে যান-জঁট নিয়ন্ত্ৰণ কৰাৰ লগতে যান বাহন চলোৱাৰ নীতি-নিয়ম উলংঘা কৰা গাড়ীৰ চালক সমূহকো নিৰীক্ষণ কৰা হ’ব।

বৰ্তমান সময়ত প্ৰতিটো দিশ ডিজিটেলাইজ হৈ পৰিছে। বিদ্যুতৰ বিল, মোবাইল ৰিচাৰ্জ, দোকানত সামগ্ৰী ক্ৰয় কৰিলে দিবলগীয়া ধন সকলো এতিয়া ডিজিটেল মাধ্যমৰ জৰিয়তে সহজ হৈ পৰিছে। আৰু এতিয়া অসম আৰক্ষীও হৈ পৰিছে জিডিটেলাইজ। 

যিসকল লোকে ট্ৰেফিক ছিগনেল নামানি মন মৰ্জিৰে গাড়ী চলাইছিল তেওঁলোকক সাৱধান কৰি থওঁ। কিয়নো এতিয়া আৰু তেনে কৰিলে ট্ৰেফিক আৰক্ষীয়ে আপোনাৰ গাড়ী নৰখাই, কেৱল এটা মেচেজ আহিব আপোনাৰ মোবাইলত। আৰু এই মেচেজটোৱে হ’ব E-Challan. 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্য়ে ঘোষণা কৰিছে যে- স্মাৰ্ট চিটী প্ৰজেক্টৰ অধীনত আৰম্ভ কৰা একত্ৰিত যান-জঁট ব্যৱস্থাপনা প্ৰণালীৰ যিবোৰ ট্ৰেফিক লাইটৰ পোষ্ট আছে, সেই পোষ্টসমূহত থাকিব চিচি টিভি কেমেৰা। আৰু কেমেৰাই নজৰ ৰাখিব প্ৰতিখন বাহনৰ ওপৰত।

প্ৰথম পৰ্যায়ত এই ব্যৱস্থাই গুৱাহাটীৰ নেপালী মন্দিৰৰ পৰা খানাপাৰালৈ মুঠ ২০টা জংচন সামৰি লৈছে। আৰু পৰ্যায়ক্ৰমে ৯৪টা জংচনক সামৰি ল’ব integrated traffic management systemয়ে। এই ব্যৱস্থাপনাৰ বাবে স্মাৰ্ট চিটী প্ৰজেক্টৰ অধীনত ৭৮ লাখ ৪৪ হাজাৰ টকা ব্যয় কৰা হ’ব। 

এই নতুন ব্যৱস্থাপনাৰ সন্দৰ্ভত সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া মিশ্ৰিত। অধিকাংশই এই পদক্ষেপক প্ৰশংসা কৰিও কৰিছে।  আন এগৰাকী লোকে আকৌ নতুন যান-জঁট ব্যৱস্থাপনা প্ৰণালীৰ বাবে চৰকাৰক ধন্যবাদ জনাইছে যদিও, পদপথৰ কাষতে যান-বাহনৰ গেৰাজসমূহৰ বাবেও যে যান-জঁটৰ সৃষ্টি হয় সেই কথা মনত পেলাই দিয়ে চৰকাৰক। 

আনহাতে, আন এজন লোকে কয় যে- সকলো ঠিকেই আছে কিন্তু সমস্যা কেৱল এটাই, সেইটো হৈছে যান-বাহন আইন উলংঘা কৰিলে বিহা জৰিমনা কমাব লাগে।  এতিয়া চৰকাৰে স্মাৰ্ট চিটী প্ৰজেক্টৰ অধীনত গ্ৰহণ কৰা এই ব্যৱস্থাই যান-জঁট নিয়ন্ত্ৰণত কিমান সফল হ’ব সেয়া সময়ত দেখা যাব। সকলো আশাবাদী যে- গুৱাহাটী মহানগৰীখন Traffic Free হ’ব। আৰু সকলো গাড়ী চালকেই মানি চলিব Traffic rules. 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply