নিউজ ডেস্কঃ ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেট বিক্ৰম-এছ আজি উৎক্ষেপণ কৰা হ’ব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই শ্ৰীহৰিকোটাৰ পৰা আজি উৎক্ষেপণ কৰিব দেশৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ এই ৰকেটটো।

জানিব পৰা মতে, চাৰি বছৰ পুৰণি ষ্টাৰ্টআপ স্কাইৰুট এৰোস্পেচৰ বিক্ৰম-এছ এতিয়া সম্পূৰ্ণৰূপে সাজু উৎক্ষেপণৰ বাবে। আৰু পুৱা ১১.৩০ বজাত এই ৰকেট উৎক্ষেপণৰ পাছত স্কাইৰুট হৈ পৰিব দেশৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ কোম্পানী, যিয়ে ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়িছে।

উল্লেখ্য যে, পূৰ্বে এই ৰকেটটো ১৫ নবেম্বৰত উৎক্ষেপণ কৰাৰ কথা আছিল। কিন্তু বিশেষ কিছু কাৰণত উৎক্ষেপণৰ দিন পিচুওৱাই ১৮ নবেম্বৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply