নিউজ ডেস্কঃ ভাৰতত পুনৰ প্ৰৱেশৰ চেষ্টা পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ। আজি পুৱা ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলোৱা সময়তে ভাৰতীয় নিৰাপত্তা বাহিনীৰ সমূখীন হয় পাকিস্তানী অনুপ্ৰৱেশকাৰী।
সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘটিত সংঘৰ্ষত নিহত হয় এটা সন্ত্ৰাসবাদীৰ। আৰু তাৰপাছতে বাকী কেইটা সন্ত্ৰাসবাদী পুনৰ পাকিস্তানলৈ পলায়ন কৰে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, নিৰাপত্তা বাহিনীৰ তৰফৰ পৰা প্ৰথমে সন্ত্ৰাসবাদী কেইটাক আত্মসমৰ্পণ কৰিবলৈ কৈছিল যদিও সন্ত্ৰাসবাদী কেইটাই আত্মসমৰ্পণ নকৰে।
সন্ত্ৰাসবাদী কেইটাই আত্মসমৰ্পণ নকৰাৰ বাবে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে গুলীবৰ্ষণ কৰে। এই গুলীবৰ্ষণতে এটা সন্ত্ৰাসবাদীৰ মৃত্যু হয়।