গুৱাহাটীঃ এতিয়াৰে পৰা অসমবাসীয়ে জনতা ভৱনত প্ৰৱেশ কৰিবলৈ কোনো ধৰণৰ পাছ ল’ব নালাগে। কাৰণ ২ অক্টোবৰৰ পৰা ডিজিটেল হ’ব অসম সচিবালয়। ৰাইজৰ যি কাম থাকিব ঘৰত থাকিয়েই কৰিব পাৰিব। কাম সম্পৰ্কে কম্পিউটাৰৰ জৰিয়তে তেওঁলোকে উত্তৰো পাব। ২ অক্টোবৰৰ পৰা অসমৰ কোনো বিষয়াই মেনুৱেল ফাইল গ্ৰহণ নকৰে।

শুকুৰবাৰে দিছপুৰ খেলপথাৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২সংখ্যক পুণ্যতিথি উপলক্ষে অনুষ্ঠিত কৰা এক কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “সচিবালয়লৈ ফাইল আহিব, আমি স্কেন কৰিম, কম্পিউটাৰত সোমাব। কাৰ টেবুলত যাব আৰু ফাইল নিষ্পত্তি হ’ল নে নাই, ক’ত কেনেকৈ নিষ্পত্তি নোহোৱা কৈ পৰি আছে আমি সকলো খবৰ লাভ পাই থাকিম।”

জনসাধাৰণৰ ফাইলসমূহ অতি সোনকালেই নিষ্পত্তি কৰিবলৈ কৰ্মচাৰী সকলক আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই অনুষ্ঠানতেই মুখ্যমন্ত্ৰীগৰাকীয়ে জনতা ভৱনটোৰ আন্তঃগাঁথনি উন্নত কৰিব বুলিও উল্লেখ কৰে। জনতা ভৱনৰ প্ৰতিটো বিল্ডিঙতে একো একোজন নডেল অফিচাৰ নিযুক্তি দিয়া হ’ব। নডেল অফিচাৰসকলৰ দায়িত্ব হ’ব জনতা ভৱনটো পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখা।

জনতা ভৱনত কাম কৰা মহিলা কৰ্মচাৰীসকলৰ শিশুৰ বাবে থাকিব ওমলা ঘৰ। লগতে আইএএচ, এচিএছৰ বাবে থাকিব জিৰণি কোঠা। জনতা ভৱনৰ কৰ্মচাৰীসকল ঘৰলৈ ঘূৰি যাবলৈ বিনামূলীয়া বাছ সেৱা থাকিব। গুৱাহাটীৰ ছয়টা লাইনত চলিব এই বাছসমূহ। 

উল্লেখ্য যে, লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ পৱিত্ৰ পুণ্যতিথিৰ দিনটো অসম চৰকাৰে লোক কল্যাণ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। দিছপুৰ খেলপথাৰত অনুষ্ঠিত এই অনুষ্ঠানতেই আজি অসমৰ ১০গৰাকী অ-ৰাজপত্ৰিত কৰ্মচাৰী আৰু জিলা পৰ্যায়ৰ ৮৯গৰাকী অ-ৰাজপত্ৰিত কৰ্মচাৰীক লোকসেৱা বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বঁটাত আছে এখন স্মাৰক আৰু ২৫হাজাৰ টকা। এই ধনৰাশি তেওঁলোকৰ বেংক একাউন্টলৈ ট্ৰান্সফাৰ কৰা হ’ব।

দুৰ্নীতিৰ পৰা দূৰত ৰাখি জনসাধাৰণৰ বাবে সেৱা আগবঢ়াবলৈ চৰকাৰকাৰী চাকৰিয়াল সকলক আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply