নিউজ ডেস্কঃ শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলাৰ কথা আছিল যদিও দলৰ পৰা বাদ দিয়া হৈছে ভাৰতীয় বলাৰ যশপ্ৰীত বুমৰাহক। বিচিচিআই-য়ে টুইটাৰ লিখিছে যে- ‘NEWS – Jasprit Bumrah ruled out of 3-match #INDvSL ODI series.’

লগতে বিচিচিআই-য়ে বুমৰাহক সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন বুলিও জনাইছে। অৱশ্যে এতিয়ালৈকে খেলুৱৈগৰাকীৰ স্থানত কোনে খেলিব সেই বিষয়ে জনোৱা হোৱা নাই।

উল্লেখ্য যে, মঙলবাৰে অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন এদিনীয়া মেচ। 

ইফালে, দুয়োটা দলৰ খেলুৱৈসকল ইতিমধ্যে আহি উপস্থিত হৈছে গুৱাহাটী মহানগৰীত। আজি দুয়োটা দলৰ খেলুৱৈসকলে অনুশীলন আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply