নিউজ ডেস্ক: জিঅ’ই যোৱা বছৰৰ নৱেম্বৰত ইতিমধ্যে বাংগালুৰু, হায়দৰাবাদ, গুৰুগ্ৰাম, নয়ডা, গাজিয়াবাদ আৰু ফৰিদাবাদত ৫জি নেটৱৰ্ক সেৱা মুকলি কৰিছিল। জিঅ’ ৫জি নৱেম্বৰত পুনেত আৰু গুজৰাটৰ সকলো জিলাতে হৈছিল উপলব্ধ।
তাৰপাছত ডিচেম্বৰত জিঅ’ই কোচি, বিজয়ৱাড়া, বিশাখাপত্তনমৰ কেইখনমান চহৰত এই সেৱা মুকলি কৰিছিল। ১০ জানুৱাৰী ৰিলায়েন্স জিঅ’ই গুৱাহাটীত ৫জি সেৱা মুকলি কৰিব বুলি কোম্পানীটোয়ে ঘোষণা কৰিছে।
আজি দুপৰীয়া ২.৩০ বজাত দিছপুৰত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিঅ’ৰ ৫জি সেৱা উদ্বোধন কৰিব। ৬ জানুৱাৰীত ৰিলায়েন্স জিঅ’ই ভাৰতৰ আৰু চাৰিখন চহৰ-গোৱালিয়ৰ, জবলপুৰ, লুধিয়ানা আৰু শিলিগুৰিত ৫জি সেৱা আৰম্ভ কৰে।
ইয়াৰ ফলত জিঅ’ৰ ৫জি সেৱা উপলব্ধ হোৱা মুঠ চহৰৰ সংখ্যা ৭২ লৈ বৃদ্ধি পাইছে। জিঅ’ ৫জি দ্ৰুত গতিত সমগ্ৰ ভাৰততে মুকলি কৰিছে। যাৰ বাবে জিঅ’ ব্যৱহাৰকাৰী সকলে ইন্টাৰনেটৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাই আৰু লগতে ইন্টাৰনেটৰ গতিও বৃদ্ধি পাইছে।