গুৱাহাটীঃ পুনৰ উৎকোচ লৈ জালত পৰিল চৰকাৰী বিষয়া। উৎকোচ লৈ থকা অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাই হাতেলুটে কৰায়ত্ত কৰে ৰাজ্য চৰকাৰৰ এজন যুটীয়া সচিবক ।
গ্ৰেপ্তাৰ কৰা বিষয়াজনক কে কে শৰ্মা বুলি জানিব পৰা গৈছে। এটা নিৰাপত্তা প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ নৱীকৰণৰ বাবে এজন লোকৰ পৰা ৯০,০০০ টকা ঘোচ লওতেই ধৰা পৰে বিষয়াজন।
এই সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান (আইন-শৃংখলা) জিপি সিঙে টুইট কৰি কয়, “শুকুৰবাৰে সন্ধিয়া কে শৰ্মা নামৰ অসম চৰকাৰৰ এগৰাকী যুটীয়া সচিবক নিৰাপত্তা প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ নৱীকৰণৰ বাবে এজন লোকৰ পৰা ৯০ হাজাৰ টকা ঘোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয়।”
শাসনাধিষ্ঠ চৰকাৰখনে দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিলেও ৰাজ্যৰ একাংশ দুৰ্নীতি পৰায়ন বিষয়া-কৰ্মচাৰী, অভিযন্তা, ঠিকাদাৰে বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। এইদৰে ৰাজ্যত ক্ৰমাৎ দীঘলীয়া হৈছে ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ তালিকা ৷
সম্প্ৰতি যুটীয়া সচিব কে কে শৰ্মাৰ জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই।