ইটোৰ পাছত সিটো ন ন তথ্য পোহৰলৈ আহিছে জোনমণি ৰাভাৰ মৃত্যুৰ পাছত। এই ঘটনাক লৈ চিআইডিয়ে তদন্ত অব্যাহত ৰাখিছে। মঙলবাৰে পুৱতি নিশা দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা এতিয়ালৈকে এই ঘটনাক লৈ সবিশেষ তলত উল্লেখ কৰা হ’ল-
১৬ মে’, ২০২৩ঃ নগাঁৱৰ মৰিকলং থানাৰ এছ আই জোনমণি ৰাভাৰ নিশা প্ৰায় ২ বজাত এক পথ দুৰ্ঘটনাত নিহত হয়। দুৰ্ঘটনাৰ পাছতে খবৰ প্ৰকাশ পাইছিল যে- জোনমণি ৰাভাই এ এছ ০১ ই এন ৭২৭৩ নম্বৰৰ নিজৰ মাৰুতী বাহনখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা এখন তীব্ৰবেগী ইউ পি ৭৮ ইউ টি ৪৫১৮ নম্বৰৰ কন্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই ঘটনাস্থলীতে মৃত্যু হয় উপ-পৰিদৰ্শকগৰাকীৰ।
ঘটনাস্থলীত উপস্থিত হৈ নগাঁৱৰ আৰক্ষীয়ে মঙলবাৰে পুৱাই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ সম্পন্ন কৰি জোনমণিৰ বাসগৃহলৈ লৈ যায় আৰু পৰিয়ালৰ লোকে জোনমণিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।
১৬ মে’, ২০২৩ঃ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ যোৱাৰ সময়ত প্ৰয়াত জোনমণি ৰাভাৰ পৰিয়ালে কৰিছিল বিস্ফোৰক মন্তব্য। জোনমণি ৰাভাৰ মাহীয়েকে কয় যে- ‘মঙলবাৰে নিশা ২ বজাত জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত এঘন্টা পাছত অৰ্থাৎ নিশা প্ৰায় ৩ বজাত আৰক্ষীয়ে জোনমণি ৰাভাৰ বাসগৃহত চলাইছিল অভিযান। আৰু অভিযান চলাই কুকুৰা-হাঁহ, গাহৰি বিক্ৰী কৰি পোৱা ধনখিনি জব্দ কৰি লৈ গৈছিল।’
১৬ মে’, ২০২৩ঃ ইফালে, জোনমণি ৰাভাৰ মাতৃয়ে হিয়া ঢাকুৰি কান্দি কান্দি কয় যে- ‘ৰাতি মই ফোন কৰিছিলো জোনমণিক। তাই ফোন ৰিচিভ কৰা নাছিল। মই ভাবিছিলো কাম কৰি আছে কাৰণে ফোন ৰিচিভ কৰা নাই। তাৰপাছত ৰাস্তালৈ ওলাই আহিছিলো মই। ৩ মান বজাত ছাৰ-বাইদেউহঁত আমাৰ ঘৰত আহি হাঁহ-কুকুৰা, গাহৰি বিক্ৰী কৰা টকাখিনি এছ পি বাইদেউ আৰু ডিএছপিয়ে লৈ গৈছিল। মই ফোন কৰি কৰি তাইক পোৱা নাই। মোক মোৰ জোন ঘূৰাই লাগে। তাইক ৰডেৰে মাৰি মাৰি মাৰিয়েই পেলালে। ফোনটো লুকুৱাই দিছে যাতে আমি তথ্যবোৰ নাপাওঁ।’
১৬ মে’, ২০২৩ঃ আনহাতে, আৱেলি প্ৰায় ৬.৪৫ বজাত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক বিশেষ টুইট কৰে। এই টুইটযোগে তেওঁ জনাই যে- জোনমণি ৰাভাৰ সমগ্ৰ ঘটনাৰ তদন্ত কৰিব চিআইডিয়ে।

১৭ মে’, ২০২৩ঃ জোনমণি ৰাভাৰ মৃত্যুৰ পাছত পোহৰলৈ আহিছে ন ন তথ্য। নকল সোণ আৰু জালি নোটৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰভাৱে অভিযান চলাই থকাৰ বাবেই এই দুষ্ট চক্ৰই আৰক্ষী বিষয়াগৰাকীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে এগৰাকী মহিলাই।
হাছিনা বেগম নামৰ মহিলা ইনফৰ্মাৰ গৰাকীয়ে সাংবাদিকৰ আগত কয় যে- ‘জোনমণি ৰাভা ইমান ৰাতি কিয় আহিব? কিবা ৰহস্য আছে। জোনমণি ৰাভাই মোক মাতি দিছিল আৰু কৈছিল যে- মোক মাৰি পেলাব।’
হাছিনা বেগমে লগতে কয় যে- ‘জোনমণি ৰাভাক কালিয়া নুৰ মহম্মদ নামৰ এজন মানুহে দুষ্ট চক্ৰ ধৰাত সহায় কৰে। জোনমণি বাইদেউৰ বিৰুদ্ধে দিয়া কেচটোত নুৰ মহম্মদৰ নামো আছে আৰু মোৰ ড্ৰাইভাৰৰ নামো আছে। সেই কাৰণে মোৰ সন্দেহ হৈছে যে সিঁহতে জোনমণি বাইদেউক মাৰি দিছে।’
১৭ মে’, ২০২৩ঃ এই সন্দৰ্ভত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো প্ৰশ্ন কৰিছিল সাংবাদিকে। সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ‘এই বিষয়ে এছ পি, ডিচিয়ে জানিব। মই বিশেষ খবৰ লোৱা নাই। শোক সন্তপ্ত পৰিয়াললৈ মই সমবেদনা জনাইছো।
১৭ মে’, ২০২৩ঃ বুধবাৰে নিশাই জোনমণি ৰাভাৰ বাহন দুৰ্ঘটনাক লৈ আন এক বিস্ফোৰক মন্তব্য কৰে এগৰাকী যুৱকে। যুৱকজন গুৱাহাটীৰ পৰা জখলাবন্ধা দিশে আহি থকা অৱস্থাত তেওঁ জোনমণি ৰাভাৰ দুৰ্ঘটনা দেখা বুলি মন্তব্য কৰি কয়- ‘মই গুৱাহাটীৰ পৰা জখলাবন্ধালৈ আহি আছিলো। জখলাবন্ধা পাবলৈ অলপ বাট বাকী আছিল। মই মোৰ টোপনি অহাৰ বাবে কাষতে খোলা থকা দোকানখনত সোমাই মুখখন ধুই লওঁ বুলি ভাবিলো। তেতিয়া দেখিলো এখন বাহন ৰখি আছে। তাত আহি এখন ট্ৰাকে মুখামুখি খুন্দা মাৰিছে। তাৰপাছত এল্ট বাহনখনৰ এজন ল’ৰা ওলাই গৈছে ক’লা পেন্ট পিন্ধা। তাৰে ১৫ মিনিটমান পাছত আৰক্ষী উপস্থিত হয়। তাৰপাছত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ কাষলৈ যাওতে আৰক্ষীয়ে মোক কৈছে- যোৱা যোৱা ইয়াৰ পৰা। তাৰপাছত মই আগুৱাই যাওঁতে দেখিলো গাড়ীখনৰ ভিতৰত এটা ডেডবডী আছে।’
যুৱকজনৰ ভিডিঅ ইয়াত চাব পাৰিব ক্লিক কৰি- https://www.facebook.com/EastMojoAssam/videos/965257511146695
১৮ মে’, ২০২৩ঃ বৃহস্পতিবাৰে পুৱাই নগাঁও ৰদ-বদল কা হয় ১৪৮ গৰাকী কনিষ্টবলক। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছে আৰক্ষী কনিষ্টবলৰ ৰদ বদলৰ পিছতেই অধিক ৰহস্যৰ সৃষ্টি কৰিছে। তদুপৰি চিআইডিয়ে মৰিকলং আৰক্ষী চকীৰ সকলোগৰাকী কনিষ্টবলক জেৰা চলাইছে।

এছ আই জোনমণি ৰাভাৰ মৃত্যু প্ৰকৃততে দুৰ্ঘটনাত হৈছিল নে কোনো চক্ৰই হত্যা কৰিছিল সেই প্ৰশ্নৰ উত্তৰ অৱশ্যে তদন্তৰ পাছতহে জানিব পৰা যাব।