নিউজ ডেস্কঃ শনিবাৰে ভাৰতৰ ৪৯সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে ন্যায়াধীশ উদয় উমেশ ললিতে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত ন্যায়াধীশ ললিতক শপত বাক্য পাঠ কৰোৱাই। পূৰ্বৰ মুখ্য ন্যায়াধীশ এনভি ৰমনাই ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰে।
ন্যায়াধীশ ৰমনাই ন্যায়াধীশ ললিতক তেওঁৰ উত্তৰাধিকাৰী হিচাপে ন্যায়াধীশ উদয় উমেশ ললিতৰ নামটো এই পদৰ বাবে মনোনীত কৰিছিল। ৰাষ্ট্ৰপতিয়ে পৰৱৰ্তী সময়ত ন্যায়াধীশ ললিতক নতুন চিজেআই হিচাপে নিযুক্তি দিয়াটো নিশ্চিত কৰিছিল। ন্যায়াধীশ ইউ ইউ ললিত ভাৰতৰ ন্যায়পালিকাৰ মুৰব্বী হিচাপে ৭৪ দিনৰ কাৰ্যকালতহে থাকিব আৰু ৮ নৱেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰিব।
শুকুৰবাৰে ন্যায়াধীশ এন ভি ৰমনাৰ বিদায় অনুষ্ঠানত ন্যায়াধীশ ললিতে কয় যে তেওঁৰ প্ৰায় তিনি মাহৰ কাৰ্যকালত তেওঁ তিনিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গুৰুত্ব দিব আৰু তেওঁৰ শীৰ্ষ অগ্ৰাধিকাৰসমূহৰ ভিতৰত এটা হ’ব গোচৰসমূহৰ তালিকাভুক্তি যিমান সম্ভৱ সৰল, স্পষ্ট আৰু স্বচ্ছ কৰা।
ন্যায়াধীশ ললিতে এক স্পষ্ট শাসন ব্যৱস্থা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিছে য’ত যিকোনো জৰুৰী বিষয় উচ্চতম ন্যআয়ালয়ৰ সংশ্লিষ্ট বিচাৰপীঠৰ সন্মুখত মুক্তভাৱে উল্লেখ কৰিব পাৰিব। তেওঁ আশ্বাস দিছিল যে উচ্চতম ন্যায়ালয়ত গোটেই বছৰটোত কমেও এখন সংবিধান বিচাৰপীঠে কাম কৰি থাকিব।
ন্যায়াধীশ ললিতে লগতে কয়, “মই সদায় বিশ্বাস কৰি আহিছো যে উচ্চতম ন্যায়ালয়ৰ ভূমিকা হৈছে স্পষ্টতা, স্থিৰতাৰ সৈতে আইন প্ৰণয়ন কৰা আৰু এনে কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ’ল যিমান সম্ভৱ সোনকালে ডাঙৰ বিচাৰপীঠ গঠন কৰি বিষয়বোৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰি তৎক্ষণাৎ স্পষ্ট কৰা।”
বিদায়ী চিজেআই ৰমনাই তেওঁৰ অন্তিম কৰ্ম জীৱনৰ অন্তিম দিনা সকলো অমীমাংসিত বিষয় তালিকাভুক্ত কৰিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছিল।
উল্লেখ্য যে, ন্যায়াধীশ ইউ ইউ ললিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ পূৰ্বে এজন প্ৰখ্যাত জ্যেষ্ঠ অধিবক্তা আছিল। তেওঁক ২০১৪ চনৰ ১৩ আগষ্টত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল।
ন্যায়াধীশ ললিত হ’ব দ্বিতীয় গৰাকী ন্যায়াধীশ যাক বাৰৰ পৰা পোনপটীয়াকৈ পদোন্নতি দিয়া হৈছে । ইয়াৰ আগতে ইয়াৰ আগতে, ন্যায়াধীশ এম চিক্ৰীয়ে ১৯৭১ চনত এনেদৰে মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিছিল। এছ এম চিক্ৰী আছিল ১৯৬৪ চনৰ মাৰ্চ মাহত পোনপটীয়াকৈ উচ্চতম আদালতৰ বিচাৰপীঠলৈ পদোন্নতি হোৱা প্ৰথম অধিবক্তা।
ন্যায়াধীশ ললিতৰ জন্ম ১৯৫৭ চনৰ ৯ নৱেম্বৰত মহাৰাষ্ট্ৰৰ চোলাপুৰত হৈছিল। তেওঁৰ দেউতাক ইউ আৰ ললিত বোম্বাই উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠত অতিৰিক্ত ন্যায়াধীশ আৰু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আছিল। ন্যায়াধীশ ললিতে ১৯৮৩ চনৰ জুন মাহত অধিবক্তা হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈ বোম্বাই উচ্চ ন্যায়ালয়ত অনুশীলন কৰিছিল।
১৯৮৬ চনৰ জানুৱাৰী মাহত তেওঁ নিজৰ অনুশীলন দিল্লীলৈ স্থানান্তৰিত কৰে, আৰু ২০০৪ চনৰ এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ে তেওঁক জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰে।
উদয় উমেশ ললিত বিশেষকৈ এগৰাকী ক্ৰিমিনেল লয়াৰ হিচাপে সুপৰিচিত আছিল। আৰু ক্ৰিমিনেল লয়াৰ হিচাপে তেওঁ এই সময়ছোৱাত, বহুতো হাই প্ৰফাইল গোচৰত যুঁজ দিছিল। ২০১১ চনত, চিবিআইৰ হৈ উচ্চতম ন্যায়ালয়ে তেওঁক 2জি কেলেংকাৰী গোচৰত বিশেষ ৰাজহুৱা অধিবক্তা বা Special Public Prosecutor হিচাপেও নিযুক্তি দিছিল।
৮ নৱেম্বৰত ন্যায়াধীশ ললিতৰ অৱসৰৰ পিছত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক ভাৰতৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে।