নিউজ ডেস্ক: আজি ১৭ জানুৱাৰী অর্থাৎ শিল্পী দিৱস । জ্যোতি প্ৰসাদ আগৰৱলাক ৰোমন্থন কৰা দিন। আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠান- প্ৰতিষ্ঠানকে ধৰি প্ৰতিজন অসমীয়াই সোঁৱৰণ কৰিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক। 

অসমীয়া কলা-সংস্কৃতিৰ লগতে নাটক, গীত, কবিতা, প্ৰৱন্ধ, শিশু সাহিত্য ইত্যাদিৰ লগত জড়িত হৈ আছিল তেওঁ। ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ৰ তামুলপুৰ চাহ বাগিছাত জন্ম লাভ কৰা জ্যোতিপ্ৰসাদ আগৰৱলা অসমীয়া ছবিৰ বাটকটীয়া হিচাপে জনাজাত। 

তেখেতে ১৯৩২ চনত দেশ সংগ্ৰামৰ বাবে ১৫ মাহ কাৰাৱাস কটোৱাৰ পাছতে ১৯৩৩ চনত তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ’ আৰম্ভ কৰে। আৰু ইয়াৰ পিছতে তেওঁ ‘জয়মতী’ৰ চিত্ৰগ্ৰহণ কৰে আৰু ১৯৩৫ চনত তেখেতে এই ছবিখন নিৰ্মাণ কৰি উলিয়ায়। 

তেখেতে মাত্ৰ ৪৮ বছৰৰ বয়সতে ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ ইহঃসংসাৰ ত্যাগ কৰিছিল। তেওঁ অসমীয়া কলা-সংস্কৃতিৰ দিশৰ উপৰিও নাটক আৰু ছবি নিৰ্মাণৰ ক্ষেত্ৰত অসমলৈ এক উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। ইয়াৰ বাবে তেওঁক ‘ৰসৰাজ’ উপাধি প্ৰদান কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply