নিউজ ডেস্কঃ বলিউডৰ কুইন কংগনা ৰাণাৱট এতিয়া ব্যস্ত তেওঁৰ নতুন ছবি  “Emergency”ৰ  শ্বুটিঙত। এই ছবিখনৰ শ্বুটিঙৰ বাবেই অসমত আহি উপস্থিত হৈছে অভিনেত্ৰীগৰাকী। 

কংগনা ৰাণাৱটে ইতিমধ্যে শ্বুটিঙৰ বাবে অসমৰ জনপ্ৰিয় পৰ্যটনস্থলীসমূহৰ ভিতৰত এটা চানডুবি বিল পৰিদৰ্শন কৰিছে। জানিব পৰা মতে,অভিনেত্ৰীগৰাকীয়ে কাজিৰঙাত আনি কটোৱাৰ পৰিকল্পনা কৰিছে। 

উল্লেখযোগ্য যে,  “Emergency” ছবিখন প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত আধাৰিত। আৰু কংগনাই এই গৰাকী প্ৰয়াত প্ৰধানমন্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিব। 

এই ছবিখনত কংগনা ৰাণাৱটৰ লগতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অনুপম খেৰ, অভিনেত্ৰী মহিমা চৌধুৰী, বিষক নায়াৰ, শ্ৰেয়াছ তালপাড়ে আদিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply