প্ৰবীণ বৰুৱা, মঙলদৈঃ মাজে সময়ে নিজৰ প্ৰতিভাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে অন্যান্য প্ৰতিভাৰ অধিকাৰী একো এগৰাকী ব্যক্তি ৷ বিগত দুদিন ধৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী যুৱতীয়ে পৰিবেশন কৰা নাগাৰা নামৰ এটি ভিডিঅ’।
নিশাটোৰ ভিতৰতে ব্যাপক জনপ্রিয়তা লাভ কৰিছে উদীয়মান নাগাৰা নামৰ শিল্পী গৰাকীয়ে। নাম পৰিৱেশন কৰি নাগাৰা নামৰ মাজত বেংপাৰ্টীৰ বাজনাত অভিনয় কৰি ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছে ছিপাঝাৰৰ মিলিজুলি মহিলা নাগাৰা নাম দলৰ শিল্পী কৰিশ্মা নাথ৷
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছত বৃহস্পতিবাৰে নলবাৰীৰ উত্তৰ চেংনৈ গোপাল মন্দিৰৰ ৰাজহুৱা সভাত নাগাৰা নাম পৰিৱেশন কৰিব আহি ভাইৰেল সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই শিল্পী গৰাকীয়ে।
ইফালে, স্নাতক মহলাত নিজকে অধ্যয়নৰত বুলি জানিব দিয়ে শিল্পী কৰিশ্মা নাথে। আনহাতে, ছাত্রী গৰাকীৰ ভাইৰেল নাগাৰা নামৰ পিছত ফেচবুকত নেটিজেনৰ বিৰূপ মন্তব্য নিদিবলৈ আহ্বান।