নিউজ ডেস্ক: বলিউডৰ ছবিৰ ক্ষেত্ৰত #Boycott ৰ ধুমুহা অহাৰ পাছতে এতিয়া লাহে লাহে পুনৰ বলিউডৰ ছবিলৈ দৰ্শকৰ আকৰ্ষণ বাঢ়িবলৈ লৈছে। ২০২২ চনত আঙুলিৰ আগত গণিব পৰাকৈ কেইখনমানহে ছবি OTT মঞ্চত  তথা বক্সঅফিচত সফল বুলি ক’ব পাৰি। তাৰে দুখন ছবি আছিল Bhool Bhulaiyaa 2 আৰু Freddy। 

জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ানৰ এই দুখন ছবি হিট হোৱাৰ পাছতে এইবাৰ পুনৰ দৰ্শকৰ মাজলৈ আগবঢ়াবলৈ লৈছে অভিনেতাগৰাকীয়ে এখন নতুন ছবি। ছবিখনৰ নাম Shehzada।

অহা ১০ ফেব্ৰুৱাৰীত ভাৰতৰ সকলো ছবিগৃহতে মুক্তি পাব কাৰ্তিকৰ Shehzada। এই ছবি খনত দশৰ্কে কাৰ্তিক আৰিয়ানক এক নতুন ৰূপত দেখিবলৈ পাব।

ইতিমধ্যে ছবিখনৰ Teaser সামাজিক মাধ্যমত দৰ্শকৰ মাজত চৰ্চা লাভ কৰিছে। এই ছবিখন পৰিচালনা কৰিছে ৰোহিত ধাৱানে আৰু সংগীত কৰিছে প্ৰীতমে আৰু লগতে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কাৰ্তিক আৰিয়ান আৰু কৃতি চানন আৰু লগতে অভিনয় কৰিছে মনীষা কৈৰালা, পৰেশ ৰাৱাল, ৰনিত ৰয় আৰু শচীন খেদেকাৰ। 

উল্লেখ্য যে, ছবিখন T-SERIES আৰু An Allu Arvind Productionৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। ছবিখন প্ৰযোজনা কৰিছে ভূষণ কুমাৰ, আল্লু অৰবিন্দ এছ ৰাধা কৃষ্ণা আৰু অমন গিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply