নিউজ ডেস্কঃ চাৰি মাহত কাজিৰঙালৈ আগমন ঘটিছে ২ লক্ষাধিক দেশী-বিদেশী পৰ্যটকৰ। ২ অক্টোবৰ, ২০২২ৰ পৰা আৰম্ভ হোৱা পৰ্যটন বৰ্ষৰ চাৰি মাহত ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহিছে ২,০৬,৫৬৩জন পৰ্যটক।

এই চাৰি মাহৰ ভিতৰত সৰ্বাধিক পৰ্যটক কাজিৰঙালৈ আহিছে জানুৱাৰী মাহত। উক্ত মাহটোত মুঠ ৭৬,৬১১জন পৰ্যটকৰ আগমন ঘটিছিল। 

ইফালে, জানুৱাৰী মাহত কাজিৰঙাই ৰাজহ সংগ্ৰহ কৰিলে ১ কোটি ৭৬ লাখ ৫৯ হাজাৰ ৩১৩ টকা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই এই কথা সদৰি কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে- চাৰিমাহত পৰ্যটকৰ পৰা সংগ্ৰহ হোৱা ৰাজহৰ পৰিমান ৫ কোটি ১৭ লাখ ৬১ হাজাৰ ৯৪২ টকা ৷ 

তুলনামূলক ভাৱে ২০২২-২৩ পৰ্যটন বৰ্ষৰ চাৰিমাহতে সংগ্ৰহ হোৱা ৰাজহৰ বিপৰীতে ২০২১-২২ পৰ্যটন বৰ্ষত সমুদায় ৰাজহ সংগ্ৰহ হৈছিল ৫ কোটি ৭৫ লাখ টকা ।

আনহাতে, ভোমোৰাগুৰিৰ নদী পৰ্যটনেও পৰ্যটকৰ সহাৰি লাভ কৰিছে বুলি উল্লেখ কৰি সঞ্চালক গৰাকীয়ে মন্তব্য কৰে যে বৰ্তমান পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় হৈ পৰিছে বাগৰি বনাঞ্চল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply