নিউজ ডেস্কঃ উত্তৰখণ্ডৰ গৰুড়চট্টীত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। কেদাৰনাথলৈ তীৰ্থ যাত্ৰীক কঢ়িয়াই নিয়া এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে।

জানিব পৰা মতে, এই হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এজন পায়লট আৰু ৬ গৰাকী তীৰ্থযাত্ৰীয়ে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ঘন কুঁৱলীৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে, দুৰ্ঘটনাৰ পাছতে টুইট কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ টুইটাৰত লিখিছে- ‘উত্তৰাখণ্ডত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনা অতি দুখবৰ। শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা।’

আনহাতে, মন্ত্ৰী জ্যোতিৰাদিত্য চিণ্ডিয়াও টুইট কৰি লিখিছে- ‘কেদাৰনাথত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। আমি সমগ্ৰ পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছো।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply