নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ‘ৰঙালী’ সপ্তম সংস্কৰণ। সাংস্কৃতিক সমন্বয়, সৃষ্টিশীলতা আৰু থলুৱা বজাৰ সৃষ্টিৰ প্ৰয়াসেৰে অনুষ্ঠিত হ’ব এই অনুষ্ঠানটি ৷ চলিত বৰ্ষৰ ২০, ২১, ২২ আৰু ২৩ এপ্ৰিলত গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰঙালীৰ সপ্তম সংস্কৰণৰ আয়োজন কৰা হৈছে। 

এই উপলক্ষে থলুৱা উদ্যোগীসকলক উৎসাহ দিয়াৰ লক্ষ্যৰে আয়োজন কৰা ‘ভোকেল ফৰ ল’কেল’ প্ৰদৰ্শনীৰ উদ্বোধন কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অসম তথা উত্তৰ পূবৰ জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ ৰঙালীত ৩০০ তকৈ অধিক শিল্পীয়ে প্ৰতিভাৰ প্ৰদৰ্শন কৰিব।

‘ৰঙালী’ৰ ব্ৰেণ্ড এম্বাচাদৰ জুবিন গাৰ্গে এই মহোৎসৱৰ সৈতে জড়িত হ’বলৈ পাই সন্তোষ প্ৰদান কৰাৰ লগতে  বিগত সময়ছোৱাত ইয়াৰ বৃদ্ধি পোৱা জনপ্ৰিয়তাৰ বাবে গর্বিত বুলি মন্তব্য কৰে ৷ এই সন্দর্ভত তেওঁ কয়-‘ মই ৰঙালীৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে জড়িত থাকিবলৈ পায় অত্যন্ত গৌৰৱান্বিত ৷ ইয়াৰ আৰম্ভনিৰে পৰা মই ওতঃপ্ৰোতভাৱে জড়িত ৷ উত্তৰ পূর্বাঞ্চলৰ সাংস্কৃতিক বৈচিত্ৰ্যতা, সৃষ্টিশীলতা আৰু উদ্যোমিতাক এই উৎসৱে সুন্দৰভাৱে প্ৰদর্শন কৰি আহিছে ৷ “

ৰঙালী মহোৎসৱ আয়োজনৰ আঁৰত থকা মূল ব্যক্তি শ্যামকানু মহন্তই কয়-“আমি অতি আনন্দৰে ৰঙালীৰ সপ্তম সংস্কৰণ আয়োজনৰ কথা ঘোষণা কৰিছো ৷ অসমৰ জাতি-জনজাতিসকলৰ কৃষ্টি –সংস্কৃতি,পর্যটন,কলা ফেশ্বন,খাদ্যৰ প্ৰদর্শনৰ মঞ্চৰ  লগতে উত্তৰ পূর্বাঞ্চলৰ সর্ববৃহৎ সংগীত মহোৎসৱ হিচাপে পৰিচিত হৈ আহিছে ৰঙালী মহোৎসৱ ৷”

৬ টা বছৰৰ বৃহৎ সফলতাৰ পাছত পূৰ্বতকৈ অধিক বিশাল আয়োজনেৰে ৰঙালীৰ সপ্তম সংস্কৰণৰ আয়োজন কৰা হৈছে। এইবাৰ ৰঙালীৰ প্ৰধান উপজীৱ্য ২০০তকৈ অধিক উদ্যমীৰ অংশগ্ৰহণেৰে উত্তৰ পূবৰ সৰ্ববৃহৎ ৰঙালী ‘ভ’কেল ফৰ ল’কেল’ প্ৰদৰ্শনী। য’ত থলুৱা উদ্যমীসকলে উৎকৃষ্ট মানদণ্ডৰ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিব ৷হস্তশিল্প, খাদ্য সংসাধন, কৃষিজাত সামগ্ৰী, ৰবৰ, ষ্টাৰ্ট আপ কোম্পানীৰ প্ৰদৰ্শন কেন্দ্ৰ হ’ব ৰঙালীৰ বৃহৎ মঞ্চ। 

অসম তথা উত্তৰ পূবৰ জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ ৰঙালীত ৩০০ তকৈও অধিক শিল্পীয়ে প্ৰতিভাৰ প্ৰদৰ্শন কৰিব। সৃষ্টিশীলতাৰ মঞ্চ ৰঙালীৰ সাহিত্য আড্ডাত অনুৰাধা শৰ্মা পূজাৰী, মণিকুন্তলা ভট্টাচাৰ্য, নীলিম কুমাৰ, প্ৰদ্যুম্ন গোস্বামী, পাৰ্থসাৰথি মহন্ত, হিল্লোল কুমাৰ পাঠক, হিমাংশু প্ৰসাদ দাস, গৰিমা শইকীয়া গাৰ্গ, বৰ্ণালী বৰগোঁহাই, অংশুমান বৰা, বিপাশা বৰা, ৰিমলী বৰকটকী, মনস্বিনী মহন্ত, প্ৰদ্যুম্ন গগৈ, অম্লান দেউৰী ইত্যাদি বহুকেইজন নবীন প্ৰবীণ কবি, নাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, সমালোচকে অংশ ল’ব। 

ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ চৰ্চা আৰু প্ৰচাৰ শীৰ্ষক আলোচনা চক্ৰখনত ডিজিটেল মাধ্যমত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে কৰ্মৰত কেইজনমান ব্যক্তি যেনে মৃদুল কুমাৰ শৰ্মা, গীতাৰ্থ বৰদলৈ, অঞ্জল বৰা, মুকুন্দ মাধৱ পূজাৰী ইত্যাদিসকলে অংশ ল’ব। সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাদেৱৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰখনত অসমীয়া মাধ্যমত পঢ়া-শুনা কৰি সমাজৰ বাবে অনুপ্ৰেৰণাৰ নাম হোৱা কেইবাজনো ব্যক্তি যেনে গুৱাহাটী আৰক্ষী আয়ুক্ত আই পি এছ দিগন্ত বৰা, বিশিষ্ট লেখক ময়ূৰ বৰা, আই আৰ এছ পদ্মপানি বৰা, আৰণ্যক শইকীয়া আদিয়েও অংশগ্ৰহণ কৰিব। 

ৰঙালীৰ মাল্টিকুইজিন ফুড কৰ্ট পৰ্যটকৰ বাবে সদায়েই আকৰ্ষণৰ মধ্যমণি। য’ত খাদ্যৰসিকে থলুৱা খাদ্যৰ পৰা দেশী-বিদেশী যি কোনো খাদ্যৰ জুতি ল’ব পাৰিব। আৰ্টৰ ক্ষেত্ৰত ৰঙালী সদায় অনন্য আৰু অসমৰ নতুন প্ৰতিভাৰ বাবে এক বৃহৎ সুযোগ। এইবাৰ প্ৰায় ৬০ গৰাকী শিল্পীয়ে ৰঙালী আৰ্ট কাৰ্নিভেলত অংশ ল’ব আৰু তেওঁলোকে শান্তনু হাজৰিকাকে ধৰি বহুকেইজন জনপ্ৰিয় শিল্পীৰ সৈতে মত বিনিময় কৰিব পাৰিব । 

উল্লেখ্য যে, ৰঙালীৰ সকলোতকৈ জনপ্ৰিয় উপাদান হৈছে ইয়াৰ সংগীত অনুষ্ঠান ৷ দেশৰ বহু সংখ্যক প্ৰসিদ্ধ শিল্পীয়ে ইতিমধ্যে অনুষ্ঠান পৰিৱেশন কৰি গৈছে। এইবাৰ উত্তৰ পূবৰ অতি জনপ্ৰিয় শিল্পী তাবা চাকে, নাগালেণ্ডৰ গীটাৰিষ্ট ইমনেইলা জামিৰৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ বহুকেইটা ৰ’ক বেণ্ডে ৰঙালীত সংগীতানুষ্ঠান পৰিৱেশন কৰিব। প্ৰতিধ্বনি, কল্যাণজিত এণ্ড দ্যা ফ’ক ব্ৰাদাৰছ, মিৰি দ্যা বেণ্ড, চল টী, ইউ নে বি ৰেপাৰ, দ্যা ফেণ্টাষ্টিক কোম্পানী, ইমলিয়াকুম আয়াৰ এণ্ড দ্যা ইলেকট্ৰিক কুল কিডৰ লগতে দেশৰ প্ৰসিদ্ধ হিপ হপ আৰ্টিষ্ট ইক্কা, বাংগালোৰৰ জনপ্ৰিয় ৰ’ক বেণ্ড মিত্ৰাজৰ উপৰি অসমৰ জনপ্ৰিয় শিল্পী দীপলিনা ডেকা, প্ৰিয়ংকা ভৰালী, প্ৰবীণ বৰা, নতুন প্ৰজন্মৰ বিশ্ৰুত শইকীয়া, সান্নিধ্য ভূঞাই সংগীত পৰিৱেশন কৰিব । 

ৰঙালীত অসমৰ ডিমাচা, কাৰ্বি, মিচিং সংস্কৃতিৰ পয়োভৰ ঘটিব। অসম পৰ্যটনৰ আকৰ্ষণীয় সমলসমূহ ৰঙালীৰ মুখ্য উপাদান হ’ব । শ্যামকানু মহন্তৰ নেতৃত্বত ৰঙালীৰ আয়োজন কৰিছে সাংস্কৃতিক ন্যাস ট্ৰেণ্ড এম এম এছে। তেওঁলোকৰ নেতৃত্বতে গুৱাহাটীত ৬ বাৰ ৰঙালী আৰু দিল্লী, মুম্বাই, বাংগালোৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply