নিউজ ডেস্কঃ বিশ্বৰ ধনী অভিনেতাৰ তালিকাৰ চতুৰ্থ স্থান লাভ কৰিলে বলিউডৰ কিং খানে। হলিউডৰ অভিনেতা ট’ম ক্ৰুজ আৰু জৰ্জ ক্লুনিৰ দৰে তাৰকাসকলক পিছ পেলাই এই স্থান লাভ কৰিছে শ্বাহৰুখ খানে।
কিং খান নামৰে বিখ্যাাত শ্বাহৰুখ খানে যোৱা চাৰি বছৰৰ বাবে অভিনয়ৰ পৰা বিৰতি লৈছিল আৰু তেওঁৰ পৰিয়ালৰ সৈতে সময় কটাইছিল।
অভিনেতাগৰাকীয়ে আৰ. মাধৱনৰ Rocketry: The Nambi Effect আৰু অয়ন মুখাৰ্জীৰ Brahmāstra: Part One – Shiva ইত্যাদি চলচ্চিত্ৰত তেওঁৰ কেমিঅ’ৰ দ্বাৰা দৰ্শকৰ মাজত যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল।
উল্লেখযোগ্য যে,২৫ জানুৱাৰী তাৰিখে আহিবলগীয়া আটাইতকৈ প্ৰত্যাশিত ছবি পাঠানৰ মুক্তিৰ আগতে, অভিনেতাজনক বিশ্বৰ আটাইতকৈ ধনী অভিনেতাৰ তালিকাত এই স্থান দিয়া হৈছে।