নিউজ ডেস্ক: যোৱা দেওবাৰৰ পৰা নাট্যনগৰী পাঠশালাৰ কহিনুৰ থিয়েটাৰৰ নাট্যবৰ্ষৰ আখৰাগৃহ আৰম্ভ কৰা হয় । এই উপলক্ষে প্ৰযোজক তপন লহকৰে পুৱা মাংগলিক অনুষ্ঠানেৰে পাঠশালাৰ জ্যোতিনগৰস্থিত কহিনুৰ থিয়েটাৰৰ স্থায়ী আখৰাগৃহত ৪৮সংখ্যক নাট্যবৰ্ষৰ আখৰাৰ শুভাৰম্ভ কৰে ।

সন্ধিয়া অসমৰ ভ্রাম্যমাণ থিয়েটাৰৰ অন্যতম খনিকৰ, মঞ্চৰত্ন ৰতন লহকৰৰ স্মৃতি বিজড়িত কহিনুৰ থিয়েটাৰৰ নাট্যবৰ্ষৰ শুভাৰম্ভণিতে মৃদুল চুতীয়াৰ ‘এ বি চি ডি’ নাটকৰ আখৰা কৰা হয়।

২০২৩-২৪ নাট্যবৰ্ষত কহিনুৰ থিয়েটাৰে এইবেলি মঞ্চস্থ কৰিব তিনিগৰাকীকৈ নাট্যকাৰৰ তিনিখন নাট। চম্পক শৰ্মাৰ ‘দীপাৱলী’, মৃদুল চুতীয়াৰ ‘এ বি চি ডি’ আৰু মনজিত শৰ্মাৰ ‘আই লাভ ইউ’ মঞ্চস্থ কৰা হ’ব।

লগতে পঢ়ক: গুৱাহাটীত ‘ফিকিৰ’ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply