গুৱাহাটীঃ মহাবীৰ লাচিত বৰফুকনৰ আগন্তুক ৪০০সংখ্যক জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আজি জনতা ভৱনত lachitbarphukan.assam.gov.in শীৰ্ষক এটা প’ৰ্টেল আৰু Lachit Barphukan নামেৰে এটা এপ মুকলি কৰিলে ৰাজ্য চৰকাৰে। ২৪নৱেম্বৰ তাৰিখে ৰাজ্যজুৰি পালন কৰা হ’ব লাচিত দিৱস । আজি জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই এপটোৰ মুকলি কৰে।
এই এপটোৰ জৰিয়তে লাচিত বৰফুকনৰ বিষয়ে নিজৰ ভাব প্ৰকাশ কৰাৰ সুবিধা পাব। এই ৱেব পৰ্টেলত আমি লাচিত বৰফুকনক কেনেকৈ জানো,তেখেতৰ বিষয়ে আমাৰ মনৰ ভাব কেনেকুৱা, ভবিষ্যৎ প্ৰজন্মই তেখেতক কেনেকৈ সোৱৰণ কৰিব লাগে, লাচিতৰ বীৰত্বৰ গাথা নতুন প্ৰজন্মলৈ কেনেকৈ লৈ যোৱা যাব এই গোটেই কথাখিনি এখন কাগজত মনৰ ভাব প্ৰকাশ কৰি এই এপটোত তেওঁলোকে আপলোড কৰিব পাৰিব।
দেশ-বিদেশত থকা প্ৰতিজন অসমীয়াই এই সুযোগ গ্ৰহণ কৰিব পাৰিব। দেশ-বিদেশৰ প্ৰতিজন অসমীয়াৰ লগতে অসমৰ চাৰিওপাশে থকা অসমীয়া, লাচিতৰ ত্যাগ আৰু বীৰত্বক স্বীকাৰ কৰিব বিচৰা প্ৰতিজন ভাৰতীয়ই এই পৰ্টেলত মনৰ ভাব প্ৰকাশ কৰিব পাৰিব।তেওঁলোকে এখন কাগজৰ দুয়োপিঠিত লিখি পৰ্টেলটোত আপলোড কৰিব আৰু আপলোড কৰাৰ লগে লগে এপটোৰ ফৰ্মেটত বগা কাগজখন পৰ্টেলে ফৰ্মেটিং কৰি ল’ব।কোনোবাই কাগজত নিলিখিলেও পোনপটীয়াকৈ পৰ্টেলতো আপলোড কৰিব পাৰিব।
অহা ১৮নৱেম্বৰৰ দিনটোত অসমৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ পৰা মাধ্যমিক ,প্ৰাথমিক বিদ্যালয়লৈকে লাচিত বৰফুকনৰ ওপৰত একোখনকৈ ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগিব।সেই ৰচনাখনক বিদ্যালয় আৰু মহাবিদ্যালয় ভিত্তিত পুৰস্কৃত কৰা হ’ব। বিদ্যালয়ৰ যিখিনি ৰচনা সেইখিনি তিনিখনকৈ জিলা পৰ্যায়লৈ লৈ আহি জিলাপৰ্যায়ৰ প্ৰতিযোগিতালৈ ৰূপায়ন্তৰিত কৰা হ’ব আৰু জিলাৰ পৰা ৰাজ্যিক পৰ্যায়লৈ লৈ আহি তাক প্ৰতিযোগিতালৈ ৰূপায়ন্তৰ কৰা হ’ব।
বিদ্যালয়ত ৰচনা প্ৰতিযোগিতাত যিমানখিনি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব, ছাত্ৰ-ছাত্ৰীয়ে লিখা সেই ৰচনাসমূহ পৰৱৰ্তী সময়ছোৱাত চৰকাৰৰ ফালৰ পৰা আপলোড কৰা হ’ব কাৰণ ডাঙৰ হৈ ছাত্ৰ-ছাত্ৰীখিনিয়ে তেওঁলোকে নিজে লিখা ৰচনা সমূহ এই পৰ্টেলটোত চাব পাৰিব ।
এই এপ আৰু প’ৰ্টেলৰ যোগেৰে লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু মাতৃভূমিৰ প্ৰতি থকা আনুগত্যৰ বিষয়ে নিজৰ মতামত প্ৰকাশৰ বাবে ৰাইজে এখন মঞ্চ পাব।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিগৰাকী বাসিন্দা আৰু অসমৰ বাহিৰত বাস কৰা প্ৰতিগৰাকী অসমীয়ালৈ বীৰগৰাকীৰ ৪০০সংখ্যক জয়ন্তী উদযাপনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ইয়াক এক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাত আগভাগ ল’বলৈ আহ্বান জনায়।