পল্লব মিলি, লখিমপুৰঃ বৰ্ধিত বিদ্যুৎ মাচুল ৰোধ কৰাৰ দাবীত আজি আম আদমি পাৰ্টিয়ে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। লখিমপুৰতো নগৰৰ কে বি ৰোডত থকা বিদ্যুৎ বিতৰণ কাৰ্য্যালয়ৰ চৌহদত আপৰ লখিমপুৰ জিলা সমিতিয়ে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।
বিদ্যুৎ মাচুল ৰোধ কৰক, পুঁজিপতিক বিদ্যুৎ মাচুল ৰেহাই দিয়া নচলিব, এ পি ডি চি এলৰ দুৰ্নীতি নচলিব, শক্তি মন্ত্রী হুচিয়াৰ, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, নিৰ্বাচনৰ আগত বিনামূল্যে বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি কি হ’ল আদি শ্লোগান দি অৱস্থান ধৰ্মঘটস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।
অৱস্থান ধৰ্মঘটস্থলীত আপৰ বিষয়ববীয়া সকলে ক্ষোভ প্রকাশ কৰি কয়- বিগত বৰ্ষৰ জুলাই-আগষ্ট মাহৰ পৰা এপিডিচিএলয়ে স্বেচ্ছাচাৰীতাৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰি ৬৭ লাখ বিদ্যুৎ গ্ৰাহকক মাধমাৰ দিছে। এই লৈ হোৱা প্ৰতিবাদৰ ফলত বিভাগীয় মন্ত্রীয়ে এখন সমিতি গঠন কৰাৰ লগতে বৃদ্ধি হোৱা বিদ্যুৎ মাচুল পৰৱৰ্ত্তী বিলত মিলাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। পিছে আজিকোপতি সেই ব্যৱস্থা কৰা নহ’ল।
তাৰ বিপৰীতে চলিত মাহৰ পৰা প্ৰতি ইউনিটত ৩০ পইচাকৈ পুনৰ মাচুল বৃদ্ধিহে কৰিলে। এপিডিচিএলয়ে দুৰ্নীতি আৰু অপচয় ৰোধ কৰিব নোৱৰাৰ লগতে বৃহৎ উদ্যোগ গোষ্ঠীক বিদ্যুৎ চুৰিৰ সুযোগ দি ইয়াৰ ফলত সন্মুখীন হোৱা লোকচানৰ জোৰা মাৰিবলৈ সাধাৰণ গ্ৰাহকৰ মূৰত ৰাম টাঙোন মাৰিছে।
লগতে বৃহৎ পুঁজিপতি গোষ্ঠীক কোটি কোটি টকাৰ বিদ্যুৎ মাচুল ৰেহাই দি এপিডিচিএলয়ে জন বিৰোধী কাৰ্য্যত লিপ্ত হোৱাৰো অভিযোগ তোলে প্ৰতিবাদ কাৰী সকলে। তেওঁলোকে উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ শক্তি মন্ত্রী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
স্মাৰক পত্ৰ খনত বৰ্ধিত বিদ্যুৎ মাচুল ৰোধ কৰা, ইতিমধ্যে বৰ্ধিত হাৰত সংগ্রহ কৰা বৰ্ধিত বিদ্যুৎ মাচুল ঘূৰাই দিয়া, বৃহৎ পুঁজি পতি গোষ্ঠীক কোটি কোটি টকা বিদ্যুৎ মাচুল ৰেহাই দিয়া দুৰ্নীতিৰ তদন্ত কৰা, এপিডিচিএল য়ে সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি কৰা কাৰ্য্য বন্ধ কৰা, স্মাৰ্ট মিটাৰৰ নামত সংঘটিত কেলেংকাৰীৰ তদন্ত কৰাৰ দাবী জনায়।