লখিমপুৰ, পল্লৱ মিলিঃ লখিমপুৰত সংহত শিশু উন্নয়ন প্ৰকল্পত চলিছে ভয়ংকৰ দুৰ্নীতি। বিজ্ঞাপন, সাক্ষাৎকাৰ অথবা কোনো ধৰণৰ বাচনি প্ৰক্ৰিয়া অবিহনেই নিযুক্তি দিয়া হ’ল একাংশ অংগনবাদী কৰ্মী আৰু সহায়িকাক। তদুপৰি শিশু নোহোৱাকৈয়ে জিলা খনত চলি আছে বহু অংগনবাদী কেন্দ্র। 

এই অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ। সংগঠনটোৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈয়ে এই সন্দৰ্ভত সোমবাৰে নাওবৈচা আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে। আৰক্ষীক দাখিল কৰা এজাহাৰত তেওঁ উল্লেখ কৰে যে সংহত শিশু উন্নয়ন প্রকল্প নাওবৈচাৰ অধীনত একাংশ অংগনবাদী কেন্দ্রত বিজ্ঞাপন, সাক্ষাৎকাৰ আৰু বাচনি অবিহনেই কৰ্মী আৰু সহায়িকাক প্ৰদান কৰা হৈছে নিযুক্তি।

বৰচলা বজাৰ, পশ্চিম পানধোৱা, মুছলিমপুৰ, মধ্যে মহঘুলি, উত্তৰ মহঘুলি আদি কেন্দ্রত একাংশ কৰ্মী আৰু সহায়িকাক সাক্ষাৎকাৰ, বিজ্ঞাপন, বাচনি অবিহনেই নিযুক্তি দিয়া হৈছে। শিশু উন্নয়ন প্রকল্পৰ একাংশ বিষয়াই মিলি এনে দুষ্কাৰ্য কৰা বুলি কয় গগৈয়ে। 

লগতে তেওঁ অভিযোগ উত্থাপন কৰি কয় যে- অংগনবাদী কেন্দ্রত কৰ্মী, সহায়িকা অথবা চুপাৰভাইজৰ আছে কিন্তু শিশুহে নাই। শিশু নথকাকৈয়ে জিলাখনত কাগজে-কলমে বহু অংগনবাদী কেন্দ্র চলি থকা বুলি তেওঁ ভয়ংকৰ অভিযোগ তোলে।

শিশু উন্নয়নৰ নামত এনেদৰে কেৱল ধনৰ হৰলুকি চলি থকা বুলি উল্লেখ কৰি জিলা খনত চলি থকা এনে অনিয়মত জিলাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ কাৰ্য্যালয়লৈকে একাংশ দুৰ্নীতি পৰায়ন বিষয়া জড়িত থকাৰো অভিযোগ তোলে গগৈয়ে। লগতে জিলা উপায়ুক্তক এই সন্দৰ্ভত তদন্ত কৰাৰ লগতে মুখ্যমন্ত্রী আৰু বিভাগীয় মন্ত্রীকো তদন্ত কৰিবলৈ তেওঁ দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply