লখিমপুৰঃ কৰিমগঞ্জত বজৰং দলৰ কৰ্মকৰ্তা শম্ভু কৈৰীৰ হত্যাকাণ্ডৰ ঘটনাক লৈ আজি লখিমপুৰত প্ৰতিবাদৰ জোৱাৰ উঠিছে। বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ লখিমপুৰ জিলা সমিতিয়ে এই লৈ নগৰৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে।
শম্ভু কৈৰীৰ হত্যাকাৰীক ফাঁচী দিয়ক, হিন্দু হত্যা বন্ধ কৰক, মৌলবাদী হুচিয়াৰ, জেহাদী হুচিয়াৰ, বাংলাদেশী হুচিয়াৰ আদি শ্লোগান দি প্ৰতিবাদকাৰী সকলে উত্তাল পৰিবেশ সৃষ্টি কৰে।
প্ৰতিবাদৰ অন্তত উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে। স্মাৰক পত্ৰখনত হিন্দুৰ ওপৰত ক্ৰমবৰ্ধমান আক্রমণৰ ঘটনা ৰোধ কৰিবলৈ দাবী জনায়।
শম্ভু কৈৰীৰ হত্যাকাণ্ডৰ উপৰি বিগত বৰ্ষত বজৰংদলৰ ৯ জন কৰ্মকৰ্তাক হত্যা কৰাৰ ৩২ জনক আক্রমণ কৰাৰ তথ্য উল্লেখ কৰি সমাজক ঘৃণা বিয়পোৱাত আগভাগ লোৱা মৌলবাদী নেতাক নিয়ন্ত্রণ কৰা, জেহাদীক নিয়ন্ত্রণৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰা, আদি ব্যবস্থা গ্রহণ কৰাৰ আহ্বান জনায়।
এই প্ৰতিবাদী কাৰ্য্যসূচীত বিশ্ব হিন্দু পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি লীলাকান্ত গগৈ, সম্পাদক ৰাজেশ্বৰ দেউৰী সহ একাংশ কাৰ্য্যকৰ্তাই অংশগ্রহণ কৰে।