নিউজ ডেস্কঃ হলিউডৰ জনপ্ৰিয় অভিনেতা লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ই ছচিয়েল মিডিয়াত কৰা এটা পোষ্ট এতিয়া ভাইৰেল হৈ পৰিছে। কিয়নো কাজিৰঙাত গঁড় নিধনৰ সংখ্যা শূন্য। 

ৰাজ্য চৰকাৰৰ বন বিভাগক প্ৰশংসা কৰি অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰিছে যে- ২০০০ চনৰ পৰা ২০২১ৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ১৯০টা গঁড় হত্যা কৰিছিল চোৰাং চিকাৰীয়ে। 

কিন্তু তাৰপাছতে অসম চৰকাৰে গঁড় এটাও নিধন হ’বলৈ দিয়া নাই। ১৯৭৭চনৰ পাছত প্ৰথমবাৰলৈ এনে হৈছে।  আনহাতে, হলিউডৰ অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰাম পোষ্টটোত লিখিছে- ‘In 2021, the government of the Indian state of Assam set out to end the poaching of the Endangered Greater One-Horned Rhinoceros in Kaziranga National Park following the killing of around 190 animals for their horns between 2000 and 2021. In 2022, they met their goal and no rhinos were poached in the area for the first time since 1977. 

Kaziranga National Park is home to 2,200 Greater One-horned Rhinos, which is about two-thirds of the world’s population.

This triumph in India also comes with more good news, as @wwf also reports that the world population of the rare rhino soared to around 3,700 from about 200 at the turn of the 20th century.’

ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২২চনৰ ১৬ জানুৱাৰীত কৈছিল যে- আমাৰ চৰকাৰ গঠন হোৱাৰ পাছত এটাও গঁড়ৰ মৃত্যু বা হত্যা হোৱা নাই। এই বছৰ আমি আৰু চেষ্টা কৰিম যাতে পূৰ্বতকৈ ভাল ফলাফল আমি দেখুৱাব পাৰো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply