নিউজ ডেস্কঃ গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত। গণৰাজ্য দিৱসত কেইবাগৰাকী আৰক্ষী বিষয়াক প্ৰদান কৰা হ’ব বঁটা।
অসম আৰক্ষীত সেৱা আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰপতি বঁটা প্ৰদান কৰা হ’ব শিলচৰৰ দক্ষিণ ৰেঞ্জৰ ডিআইজিপি কংকন জ্যোতি ডেকালৈ।
ইফালে, আৰক্ষী বঁটা প্ৰদান কৰা হ’ব ক্ৰমে- গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, গুৱাহাটীৰ আৰক্ষী অধীক্ষক মজিবুৰ ৰহমান, এছ পি ড০ ৰোজি কলিতা, ইনস্পেক্টৰ (গুৱাহাটী) অনুকুৰ মালাকাৰ, কাৰ্বি আংলঙৰ ছিকাৰী ইংতি, তিনিচুকীয়াৰ দীলিপ কলিতা, কাঠালৰ ৬ সংখ্যক এপিবিএনৰ লেন্স নায়ক মুজিবুৰ ৰহমান চৌধুৰীলৈলৈ।
লগতে এই বঁটা প্ৰদান কৰা হ’ব- কাঠালৰ ৬ সংখ্যক এপিবিএনৰ নায়ক মানিক কাংছা বানিক, লখিমপুৰৰ সুমেশ্বৰ মুদৈ, তিনিচুকীয়াৰ সুনীল ফুকন, তিনিচুকীয়াৰ জুনমণি তামুলী, কাৰ্বি আংলঙৰ লেন্স নায়ক আনন্দ ৰংহাং, কাৰ্বি আংলঙৰ ৰিতুমণি বৈৰাগী আৰু ডাকুৰভিটাৰ সুভাষ ৰাভালৈ।