নিউজ ডেস্কঃ কাইলৈ ধুবুৰীত উপস্থিত হ’ব বিশ্বৰ সবাতোকৈ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস। অসমত উপস্থিত হোৱাৰ পাছত জাহাজখনে নিৰ্ধাৰিত সময় অনুসৰি ইয়াৰ পৰৱৰ্তী যাত্ৰা অব্যাহত ৰাখিব।
২০২৩ চনৰ ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী গংগা বিলাসৰ ফ্লেগ অফ কৰিছিল ৷ উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা ইণ্ডো-বাংলাদেশ প্ৰটোকল পথ হৈ এন ডব্লিউ-১ আৰু ২ৰ মাজত প্ৰায় ৩২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি এই বিলাসী জাহাজখন ১ মাৰ্চ, ২০২৩ তাৰিখে ডিব্ৰুগড়ত উপস্থিত হ’ব।
অসমত ১৩ দিন ভ্ৰমণ কৰি এম ভি গংগা বিলাসে ২০২৩ চনৰ ১ মাৰ্চত ডিব্ৰুগড়ত উপস্থিত হ’ব ৷ উল্লেখ্য যে, জাহাজখনে উত্তৰ প্ৰদেশ, বিহাৰ, কলকাতা, বাংলাদেশৰ যাত্ৰা সামৰি ধুবুৰীত উপস্থিত হ’ব।
সকলো বিলাসী সুবিধাৰ সৈতে তিনিটা ডেকৰ সুবিধাসম্পন্ন এম ভি গংগা বিলাসত আছে ৩৬ জন পৰ্যটক ক্ষমতাৰ সৈতে ১৮ টা চুইট। প্ৰথম যাত্ৰাটোত ছুইজাৰলেণ্ডৰ পৰা ৩২ জন পৰ্যটকে সম্পূৰ্ণ যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিছে।