নিউজ ডেস্কঃ এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ যিমানেই সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে ইমানেই প্ৰকল্পটোৰ নামনি অংশৰ ৰাইজৰ মাজত আতংক আৰু অনিশ্চয়তা অধিক বৃদ্ধি পাবলৈ আৰম্ভ হৈছে৷ মূল বান্ধৰ কাম ৯০ শতাংশৰো অধিক সম্পূৰ্ণ হোৱাৰ বিপৰীতে বাকী থকা প্ৰায় ১০ শতাংশ কাম এন এইচ পি চিয়ে অহা চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে ইতিমধ্যে দিনে নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ইতিমধ্যে প্ৰকল্পটোৰ দুটা ইউনিট সম্পূৰ্ণ হৈ উঠিছে৷

বান্ধ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে ২০২৩ বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰীৰ পৰা প্ৰথমে ৫০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰিবৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷

উল্লেখ্য যে, ধেমাজি জিলাৰ গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মীয়মান এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈ উঠিলেও অসমে ইয়াৰ পৰা অতি ক্ষুদ্ৰ অংশহে বিদ্যুৎ শক্তি লাভ কৰাৰ বিপৰীতে গৰিষ্ঠ সংখ্যক বিদ্যুৎ শক্তি লাভ কৰিব চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৱে অদূৰ ভৱিষ্যতে লখিমপুৰ, ধেমাজি আৰু মাজুলীত বৃহৎ ক্ষতি কৰাৰ সম্ভাৱনাই অধিক বুলি সকলোৱে ব্যক্ত কৰিছে৷

জলবোমা সদৃশ এই বৃহৎ নদীবান্ধ প্ৰকল্পটো বন্ধ কৰাৰ বাবে ৰাজ্যৰ লগতে লখিমপুৰ, ধেমাজি, মাজুলীৰ বিভিন্ন দল-সংগঠনে এটা সময়ত তীব্ৰ প্ৰতিবাদ জনাইছিল৷ এই দল সংগঠনৰ এনে প্ৰতিবাদক মষিমূৰ কৰি এতিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰকল্পটো সম্পূৰ্ণ কৰি তোলাৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰি আহিছে৷

তদুপৰি এন এইচ পি চিৰ বান্ধ নিৰ্মাণ ত্ৰুটিযুক্ত আৰু বান্ধটোৰ নামনি অংশৰ ৰাইজৰ নিৰাপত্তাৰ কথাটো কোনোধৰণৰ গুৰুত্ব নিদি কেৱল বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা বুলি গুৰুতৰ অভিযোগ আনিছে বিশেষজ্ঞ সমিতিয়ে ৷ বিশেষজ্ঞ সমিতিৰ এনে ভয়ংকৰ অভিযোগৰ পিছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এন এইচ পি চিক প্ৰকল্প নিৰ্মাণ কৰিবলৈ দি থকাটো সম্পূৰ্ণ জনস্বাৰ্থ পৰিপন্থী। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply