লোকনাথ নৰহ, মাজুলী: আজি পুৱাই বিহু নৃত্যত মচগুল হ’ল বিদেশী পৰ্যটক। তিনি হাজাৰ কিলোমিটাৰ জল পথ অতিক্ৰম কৰি গংগা বিলাস জাহাজখন আহি পাইছে সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলীত।
এম ভি গংগা বিলাস অত্যাধুনিক জাহাজখনে কালি সন্ধিয়া মাজুলীৰ কমলাবাৰী ফেৰীঘাটৰ সমীপৰ এটা চাপৰিত লংগৰ পেলাই ব্ৰহ্মপুত্ৰ বুকুত নিশা কটায় বিদেশী পৰ্যটক সকলে।
পুৱাই কমলাবাৰী ফেৰী ঘাটত উপস্থিত হোৱাৰ লগে লগে মাজুলী জিলা প্ৰশাসনে বিদেশী পৰ্যটক সকলক উষ্ম আদৰণি জনায়। ইফালে, ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ জাহাজৰে কমলাবাৰী ফেৰী ঘাটলৈ আদৰি অনা হয় ২৮ জনীয়া বিদেশী পৰ্যটকৰ দলটিক।