ৰংমন দাস –
মানুহ মৰিব লাগিব। উন্নতি যদি লাগেই, তেন্তে মানুহ মৰিব লাগিব। মানুহে প্ৰাণ দিব লাগিব। আন ৰাজ্যৰ কথা নকলোৱেইবা, কিন্তু মোৰ অসমত উন্নতি লাগিলে মানুহ মৰিব লাগিব। দলং লাগিলে মানুহ মৰিব লাগিব, স্কুল লাগিলে মানুহ মৰিব লাগিব, পথ লাগিলে মানুহ মৰিব লাগিব, বিধেয়ক বাতিল হ’বলৈ মানুহ মৰিব লাগিব। হাস্পতাল লাগিলেতো মানুহ মৰিব লাগিবই লাগিব। অন্যথা কাম নহ’ব, পৰিৱৰ্তন নহ’ব, উন্নতি নহ’ব।
মাজুলীত ছোৱালী এজনীয়ে জীৱন দিলে। চিকিৎসাৰ ভুল, চিকিৎসকৰ ভুল নে পূৰ্বৰ কোনো মেডিকেল হিষ্টৰি আছিল, সেইবোৰচোন সংবাদ মাধ্যমত, ইউটিউব চেনেলত আপোনালোকে দেখিছেই! কিন্তু এতিয়াও চিকিৎসাৰ অভাৱত মোৰ অসমত মানুহ মৰে। এতিয়াও গৰ্ভৱতী নাৰীয়ে খুপি খুপি নাওঁত উঠি চিকিৎসালয়লৈ যায়। এইবোৰ মোৰ প্ৰগতি পথৰেই দ্যোতক। এইবোৰ ঘটনা মোৰ অসমৰেই দ্যোতক। তেজস্বিতাৰ মৃত্যু, গৰ্ভৱতী সেই নাৰীয়ে খুপি খুপি নাওঁ-জাহাজত উঠা, বুকু কঁপি উঠা দৃশ্যবোৰে আপোনাক এবাৰলৈও জোকাৰি যোৱা নাই নে? চিকিৎসাৰ অভাৱত তেজস্বিতা মৰে, দলংৰ অভাৱত মাজুলীলৈ নাওঁ জাহাজেৰে যোৱা মানুহ মৰে। ছ’চিয়েল মিডিয়াতে ধৰ্ণা প্ৰতিবাদ হয়, চৰকাৰী বিষয়াৰ নিলম্বন হয়। অথচ মাজুলীৰ দিন ৰাতি একেই থাকে। অভাৱত মানুহ মৰিয়েই থাকে। কেইদিনমান পূৰ্বে তাত উপ-নিৰ্বাচনো হৈ গ’ল। ভুৱন গামৰ নামেৰে নতুন বিধায়ক পালে মাজুলীয়ে। নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীয়ে আশ্বাস দি গ’ল মাজুলীৰ নতুন বিধায়কক খীৰতী গাইৰ দৰে ব্যৱহাৰ কৰিব পাৰিম।
মাজুলীৰ সৈতে অসমীয়া মানুহৰ মানসিক পৰিচয় বহু পুৰণি। এই ঠাই খিনিলৈ নোযোৱাকৈও আপুনি অনুভৱ কৰে যে মাজুলী আমাৰ জীৱন আৰু জাতিৰ এক এৰাব নোৱাৰা অংশ। পৃথিৱীৰ বৃহৎ নদীদ্বীপ বাবে সেই অনুভৱ নহয়, এয়া স্বতঃস্ফূৰ্ত অনুভৱ। আমি মাজুলীলৈ বহুবাৰ গৈছো, সংবাদ সংগ্ৰহসূত্ৰে, ফুৰিবলৈ বা অন্যান্য কামত মানুহৰ লগত কথা পাতিছো, শিকিছো বুজিছো। মাজুলীলৈ যিমানবাৰেই গৈছো, প্ৰতিবাৰেই কিছু শংকা কঢ়িয়াই উভতিছো। জাতিটোৰ শংকাতকৈও মানুহখিনিৰ শংকা প্ৰতিবাৰেই আছিল বেছি।
মাজুলীয়ে এইপৰ্যন্ত কিমান বিধায়ক পালে, কেন্দ্ৰৰ ঘনিষ্ঠ, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ কিমান যে বিধায়ক পালে মাজুলীয়ে। তথাপি চিকিৎসাৰ অভাৱত মোৰ মাজুলীত তেজস্বিতা মৰে, মোৰ মাজুলীৰ গৰ্ভৱতী আইয়ে মৰণত শৰণ দি নৈ পাৰ হ’ব লাগে। ইমানৰ পিছতো নেতাৰ বহুৱালিক লৈ অসমীয়া জাতিয়ে, মাজুলীয়ে কিবা শিকিবলগীয়া আছে বুলি নাভাবো। কেৱল নেতাৰেই নে? এতিয়াতো মাজুলীত জাতি ৰক্ষা, ধৰ্ম ৰক্ষা, পৰম্পৰা ৰক্ষা সৰ্বোপৰি। জীৱন নহয়।
শেহতীয়াকৈ মাজুলীত সত্ৰাধিকাৰসকলৰ মাজত দুৰ্গা পূজা, মাজুলীত খ্ৰীষ্টিয়ান আগ্ৰাসন আদিক লৈ মতবিৰোধ আৰম্ভ হৈছে। এইসকল নমস্য। গুৰু আসনৰ কাণ্ডাৰী বুলি, জ্ঞান-বুদ্ধিৰ আঁকৰ বুলি আমাৰ মন-মগজুৰ শ্ৰদ্ধেয় আসনত ৰাখো, ৰাখিছো তেওঁলোকক। মাজুলীলৈ যাওঁতে সম্ভৱতঃ প্ৰায়কেইগৰাকীৰ সমূখতে শুভ্ৰবস্ত্ৰ পৰিধানেৰে সেৱা আগবঢ়াইছিলো। পৰম প্ৰভাৱশালী, আমাৰ শ্ৰদ্ধাৰ গুৰুসকল এতিয়া শংকিত হৈ পৰিছে মাজুলীত কেনেবাকৈ অহাবছৰৰ পৰা দুৰ্গা পূজা অনুষ্ঠিত হ’ব বুলি। মাজুলীৰ দক্ষিণ পাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে কৰা এটা মন্তব্যক লৈ বহুধা বিভক্ত হৈ পৰিছে মাজুলীৰ সত্ৰাধিকাৰ সমাজ।
এতিয়া জীৱনক লৈ মাজুলীৰ গুৰুতুল্যসকলৰ বেদনা দুৰ্গা পূজাক লৈ। খ্ৰীষ্টিয়ান আগ্ৰাসনক প্ৰতিৰোধ কৰিবলৈ দুৰ্গা পূজাৰ আয়োজন কৰাক লৈ কাৰোবাৰ আপত্তি নাই, কাৰোবাৰ আছে ঘোৰ আপত্তি। কিয় অসমীয়া সমাজত, বিশেষকৈ জনজাতীয় সমাজত খ্ৰীষ্টিয়ান ধৰ্মই খোপনি পুতিবলৈ সক্ষম হ’ল, সেয়া পৰৱৰ্তী সংখ্যাত আলোচনা কৰিম। কিন্তু এই গুৰুতূল্যসকলে মাজুলীৰ অসুখক লৈ, মাজুলীৰ জীৱনক লৈ, চৰকাৰ বাহাদুৰৰ টেবুলত ভুকু দিয়াৰ কথাটো আমি কেতিয়াও নুশুনিলো! মাজুলীক ৰক্ষা কৰিব লাগিব, সংস্কৃতিও ৰক্ষা কৰিব লাগিব, শিল্পও ৰক্ষা কৰিব লাগিব। কিন্তু বুকুৰ কুটুম হেৰুওৱাৰ দুখ লৈ, পেটত ভোকৰ বিষ লৈ এইবোৰ কেতিয়াও নহ’ব।
শেষত এটা টোকাৰে আজিৰ সম্পাদকীয় সামৰিছো। বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীতো দুৰ্গা পূজা হয়। জাকজমকতা পৰিহাৰ কৰি সম্পূৰ্ণ আধ্যাত্মিকতাৰে দেৱীপীঠ ঐতিহাসিক শ্ৰীশ্ৰী ফুলেশ্বৰী দেৱীৰ থানত এই পূজা আহোম ৰাজত্ব কালৰ বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দিনৰ পৰাই চলি আহিছে। কুঁৱৰীয়ে শাক্ত ধৰ্মত দিক্ষীত হৈ ৰত্নপীঠ মাজুলীত এই থানখন প্ৰতিষ্ঠা কৰিছিল। থানখনৰ পূৱ দিশে এখন ফুলনিও স্থাপন কৰিছিল কুঁৱৰীয়ে। কালক্ৰমত সেই অঞ্চলৰ নাম ফুলনি হ’ল আৰু সেই দেৱী থান খন আজিও ফুলেশ্বৰী থান হিচাপেই খ্যাত। থানখনত প্ৰায় ৪০০ বছৰ আগৰ পৰা দূৰ্গোৎসৱ পালন কৰি অহা হৈছে। অৱশ্যে কোনো ধৰণৰ বলি বিধান নকৰা পূজা ভাগ গন্ধ পুষ্পৰে মহাষ্টমীৰ দিনটোত আধ্যাত্মিকতাৰে সম্পন্ন কৰে অঞ্চলটোৰ জনজাতীয় ৰাইজে। লোক বিশ্বাস মতে অত্যন্ত জাগ্ৰত এই থানত ভক্তি ভাৱে সেৱা কৰিলে মনোকামনা পূৰ্ণ হয় । এই ভাগ পূজাৰ কথা প্ৰচাৰ নোহোৱাৰ বাবেই বহুতৰে জ্ঞাত নহয়।
পৰৱৰ্তী সম্পাদকীয়ত কোনবোৰ বিষয় সামৰি লোৱাটো আপুনি বিচাৰে, সেই সম্পৰ্কে আপোনালোকৰো মতামত আশা কৰিলোঁ।