নিউজ ডেস্কঃ কংগ্ৰেছ দলৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে দলটোৰ জ্যেষ্ঠ নেতা মাল্লিকাৰ্জুন খড়গেক। প্ৰায় ২৪ বছৰৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো এগৰাকী নেতাই দলটোৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে।
ইয়াৰ পূৰ্বে গান্ধী পৰিয়ালৰ বাহিৰৰ অধ্যক্ষ হিচাপে কংগ্ৰেছৰ দায়িত্ব লৈছিল সীতাৰাম কেছৰীয়ে। উল্লেখ্য যে, ১৭ অক্টোবৰত কংগ্ৰেছৰ নতুন অধ্যক্ষ কোন হ’ব তাক লৈ ভোটদান কৰা হৈছিল।
কংগ্ৰেছৰ অধ্যক্ষ পদৰ দৌৰত আছিল মাল্লিকাৰ্জুন খড়গে আৰু শশী থাৰুৰ। আৰু অৱশেষত দলে খড়গেক বাচনি কৰে।
কংগ্ৰেছৰ অধ্যক্ষৰ নিৰ্বাচনত মুঠ ৯,৩৮৫ জন লোকে ভোটদান কৰিছিল। ইয়াৰে ৪১৬টা ভোট অবৈধ ঘোষণা কৰাৰ পাছত ৮,৯৬৯টা ভোটৰ ভিতৰত ৭,৮৯৭টা ভোট মাল্লিকাৰ্জুন খড়গেয়ে লাভ কৰাৰ বিপৰীতে শশী থাৰুৰে লাভ কৰে মাত্ৰ ১,০৭২টা ভোটহে।
নিৰ্বাচনৰ ফলাফলৰ পাছত শশী থাৰুৰে কয়- ‘কংগ্ৰেছৰ অধ্যক্ষ পদ লাভ কৰা বহু ডাঙৰ দায়িত্ব। মই মাল্লিকাৰ্জুন খড়গেক শুভেচ্ছা জনাইছো।’
কংগ্ৰেছ দলৰ ১৩৭ বছৰীয়া ইতিহাসত ৬ বাৰকৈ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। ২০২২ৰ পূৰ্বে ১৯৩৯, ১৯৫০, ১৯৭৭, ১৯৯৭ আৰু ২০০০চনত অধ্যক্ষ পদৰ বাবে হৈছিল নিৰ্বাচন।