প্ৰবীণ বৰুৱা, মঙলদৈঃ মঙলদৈ চহৰৰ মাজেৰে পথ সুৰক্ষা সপ্তাহ উপলক্ষে আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াৰ নেতৃত্বত উলিয়ায় এক বাইক ৰেলী। ১১জানুৱাৰীৰ পৰা আৰম্ভ হোৱা পথ সুৰক্ষা সপ্তাহ দৰং জিলা প্ৰশাসনে বিভিন্ন সজাগতা মূলক কাৰ্য্যসূচী গ্ৰহণ কৰে।
তাৰ পাছত আজি দৰং জিলা আৰক্ষী প্ৰশাসনে সজাগতা মুলক বৃহৎ বাইক ৰেলীৰে সামৰণি পেলালে সপ্তাহজোৰা পথ সুৰক্ষা কাৰ্যসূচীৰ ৷ সকলোকে যান-বাহন আইন মানি চলিবলৈ আহ্বান আৰক্ষী অধীক্ষক গৰাকীৰ।
জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা আৰু আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াৰ নেতৃত্বত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভেবাৰঘাটত নীতি-নিৰ্দেশনা মানি বাইক চলোৱা চালক আৰু সৰু গাড়ী চালক সকলক চকলেট উপহাৰ দিয়াৰ উপৰিও নীতি-নিৰ্দেশনা অবিহনে বাইক আৰু গাড়ী চলোৱা চালক সকলক সতৰ্ক কৰি দিয়ে।