প্ৰবীণ বৰুৱা, মঙলদৈঃ সোমবাৰে মঙলদৈত এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ মঙলদৈ চহৰৰ প্ৰীতিনগৰত দুপৰীয়াৰ ভাগত সংঘটিত হৈছে এই ঘটনা।
ভূ মাফিয়াই মাটি দখল কৰিবলৈ যোৱাৰ ফলত গৃহস্থ আৰু মাফিয়া পক্ষৰ মাজত হোৱা সংঘাতৰ পৰিনতিত হোৱা আক্ৰমণৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক পংকজ সৰকাৰৰ কেমেৰা কাঢ়ি নিয়ে ভূ মাফিয়া জনৈক ভাইটি নামৰ এজনে ৷
ভূ মাফিয়াৰ আক্ৰমণত মহিলা সহ দুজন যুৱক গুৰুতৰভাবে আহত হৈ বৰ্তমান মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
ইফালে, ঘটনা সন্দৰ্ভত মঙলদৈ সদৰ আৰক্ষী থানাত সাংবাদিক পংকজ চৰাকৰ আৰু আহত মহিলা যুৱক দুজনৰ পৰিয়ালৰ লোকে পৃথকে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।