মঙলদৈঃ মঙলবাৰে, দৰং জিলাৰ জিলা পৰিয়াল কল্যাণ বিভাগৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুতীয়া সহযোগত মংগলদৈ চহৰৰ ইউথ ক্লাবত ‘ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস’ উদযাপন কৰা হয়।

অনুষ্ঠানটিত দৰং জিলা প্ৰশাসনৰ হৈ সহকাৰী আয়ুক্ত, জিলা পৰিদৰ্শক আৰু ডি আই পি আৰ ও মনিকা বৰগোঁহাইয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাদেৱ সভাখনত উপস্থিত থাকি তেখেতৰ ভাষণত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰে লগতে ইয়াৰ লগত জড়িত বিভিন্ন আইন সম্পর্কেও তেওঁ অৱগত কৰে ।

মঙলদৈ মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ লীনা শই়কীয়া (মেজৰ) আৰু ডঃ বর্নালী ডেকা য়েও উক্ত অনুষ্ঠানটিত উপস্থিত থাকি বহুমূলীয়া ভাষণ প্ৰদান কৰে। সভাৰ শেষত দৰং জিলাৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া (পৰিয়াল কল্যাণ) ডাঃ নিৰ্মল কুমাৰ বেৰীয়া দেৱে শলাগৰ শৰাই আগবঢ়াই আৰু সভাখন সমাপ্ত ঘোষণা কৰে।

উল্লেখ্যযোগ্য যে, উক্ত অনুষ্ঠানটিত দৰং এ এন এম ট্ৰেইনিং চেন্টাৰৰ অধ্যক্ষা, দৰং জিলাৰ মহিলা সমিতি, দৰং কেঞ্চাৰ কেয়াৰ চেন্টাৰৰ চিকিৎসক, নার্চ, আশাকর্মী, এ এন এম, দৰং সমাজ কল্যাণ বিভাগ, ক্ৰিস্টাল ভিজন দৰং, স্থানীয় ৰাইজ, চিকিৎসা বিষয়া আৰু চিকিৎসা কৰ্মী আদি বহুতো গণ মান্য ব্যক্তি সভাত উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply