নিউজ ডেস্কঃ আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই সংবাদমেল সম্বোধন কৰি কয় যে- বিজেপিয়ে সমগ্ৰ দেশতেই অপাৰেশ্যন লটাছ নামৰ যি ঘৃণণীয় খেল খেলি আছে, তাৰ এক নতুন তথ্য পোহৰলৈ আহিছে। 

তেওঁ সংবাদমেলযোগে বিজেপি নেতৃত্বৰ বিৰুদ্ধে তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ বিধায়কসকলক নিজৰ দলত অন্তৰ্ভুক্ত কৰাৰ বাবে উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

লগতে দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। মনীষ ছিছোদিয়াই দাবী কৰে যে, বিজেপিৰ দ্বাৰা প্ৰথমে দিল্লী, পঞ্জাৱ আৰু আন ৮খন ৰাজ্যত এনে ঘটনা সংঘটিত কৰা হৈছিল। আৰু এতিয়া এনে কাম-কাজ বিজেপিয়ে তেলেংগানাত কৰিবলৈ লৈছে।

ছিছোদিয়াই লগতে কয় যে- ‘এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে তেলেংগানাত আপোনালোকে বিধায়ক ক্ৰয় কৰিবলৈ ২৫ কোটিকৈ টকা দি আছে। ৪৩ গৰাকী বিধায়কক ক্ৰয় কৰিবলৈ বিজেপিয়ে ১০৭৫ কোটি টকাৰ দিব লাগিব। তেন্তে এই ১০৭৫ কোটি টকাৰ কাৰ? এই ধন ক’ৰ পৰা অনা হৈছে? এইসকলোবোৰৰে তদন্ত হ’ব লাগে।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply