মাৰ্ঘেৰিটাঃ পুনৰ ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এইবাৰ উদণ্ড যুৱকে চলালে প্ৰেমিকাক হত্যাৰ অপচেষ্টা। যোৱা নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো ৷ 

মাৰ্ঘেৰিটাৰ ষ্টেচন পাৰাৰ আকাশ দত্ত নামৰ যুৱকজনে দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাত কৰে প্ৰেমিকা প্ৰিয়ংকাক৷  ডিঙি আৰু মূৰত যথেষ্ট আঘাত পাইছে যুৱতী গৰাকীয়ে ৷ জানিব পৰা মতে, বৰ্তমান যুৱতী গৰাকীৰ অৱস্থা সংকটজনক ৷  

ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰে যুঁজিছে প্ৰেমিকা ৷  প্ৰেমিক আকাশ দত্ত এজন ড্ৰাগছ আসক্ত যুৱক আছিল। আৰু পূৰ্বেও  আক্ৰমণ কৰিছিল প্ৰেমিকাক। ইফালে ঘটনা সংঘটিত কৰি পলায়ন কৰে প্ৰেমিক আকাশ দত্ত ।

উল্লেখ যে যুৱক জন পূৰ্বে ড্ৰাগছ সৰবৰাহৰ কৰাৰ অপৰাধত জেললৈ গৈছিল। যুৱক জনৰ ঘৰ মাৰ্ঘেৰিটা দিহিং চাহ বাগিছাৰ সমীপৱৰ্তী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply