নিউজ ডেস্কঃ ২০২৩ বৰ্ষ মেৰ্টিক পৰীক্ষা অনুষ্ঠিত হ’ব নতুন শিক্ষা নীতিৰে। ছেবাই সিদ্ধান্ত লোৱা অনুসৰি চাৰিটাকৈ মূল বিষয়ত নতুন পৰিৱৰ্তন অনা হৈছে।
পৰিৱৰ্তন অনা এই বিষয় কেইটা হৈছে ক্ৰমে সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, গণিত আৰু ইংৰাজী। এই বিষয় কেইটাত থাকিব দুখনকৈ উত্তৰ বহী।
জানিব পৰা মতে, প্ৰথমখন হ’ব ৮ পৃষ্ঠাৰ, যি হ’ব বস্তুনিষ্ঠ আৰ্হিৰ প্ৰশ্ন। ইফালে, দ্বিতীয়খন হ’ব ১৬ পৃষ্ঠাৰ আৰু এয়া হ’ব বৰ্ণনাত্মক আৰ্হিৰ।
উল্লেখযোগ্য যে ৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। আৰু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব প্ৰায় ৪.২৩ লাখ পৰীক্ষাৰ্থীয়ে।
লগতে ব্যৱহাৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব ৬২ হাজাৰ পৰীক্ষাৰ্থী । ৰাজ্যৰ ৯১২ টা কেন্দ্রত অনুষ্ঠিত হ’ব এইবাৰৰ মেট্ৰিক পৰীক্ষা।