নিউজ ডেস্কঃ ঘোষণা হ’ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ তাৰিখ। নতুন শিক্ষানীতিৰ আধাৰত ৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব এইবাৰৰ মেট্ৰিক পৰীক্ষা। ছেবাই জাৰি কৰা নিৰ্দেশ অনুসৰি পূৰ্বৰ তুলনাত পৃথক হ’ব মেট্ৰিক।
এইবাৰ ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতত বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন থাকিব ৫০ শতাংশ। লগতে বৰ্ণনামূলক প্ৰশ্ন থাকিব ৫০ শতাংশ।
এইবাৰ ৫০ টা ১ নম্বৰীয়া প্ৰশ্ন থাকিব। আনহাতে, গণিতৰ প্ৰশ্নকাকতখনৰ উত্তৰবহী বস্তুনিষ্ঠ কাকতৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা হ’ব।
উল্লেখ্য যে, ৩ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া মেট্ৰিক পৰীক্ষাৰ অন্ত পৰিব ২০ মাৰ্চত। তাৰ পূৰ্বে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষাসমূহ।