নিউজ ডেস্কঃ আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰাৰ পাছত লিঅ’নেল মেছি পেৰিছ ছেইণ্ট জাৰ্মেইন প্ৰশিক্ষণ কেন্দ্ৰলৈ উভতিছে। বুধবাৰে ক্লাবৰ অফিচিয়েল একাউণ্টৰ এটা টুইটযোগে জনোৱা হৈছে যে- “লিঅ’ক স্বাগতম জনাইছো,” ।
ইফালে, এটা পৃথক পোষ্টত ব্ৰাজিল তাৰকা নেইমাৰকে ধৰি ড্ৰেছিং ৰূমত সতীৰ্থ সকলে মেছিক অভিবাদন জনোৱাৰ ছবিও দেখুওৱা গৈছে।
মেছি এনে এক গুৰুত্বপূৰ্ণ সময়ত ফৰাচী ক্লাবলৈ উভতি আহে, য’ত যোৱা সপ্তাহান্তত লেন্সৰ বিৰুদ্ধে দলটো এই ছিজনত প্ৰথমবাৰৰ বাবে পৰাজিত হৈছিল।
লিগ ১ তালিকাৰ শীৰ্ষত থকা পিএছজিৰ অগ্ৰগতি ফলস্বৰূপে চাৰি পইণ্টলৈ হ্ৰাস কৰা হৈছে। দলটোৰ পৰৱৰ্তী খেলখন শুকুৰবাৰে ফ্ৰেঞ্চ কাপত চাটেৰৌক্সৰ বিৰুদ্ধে আছে। মেছিয়ে পি এছ জি সৈতে অতি সোনকালে খেলপথাৰত নমাৰ সম্ভাৱনা দেখা গৈছে।