নিউজ ডেস্কঃ মিজোৰামৰ লুংলেই জিলাৰ হানঠিয়াল গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গাঁওখনৰ এটা শিলৰ কুৱেৰী খহি পৰাৰ ফলত ১৫জনকৈ শ্ৰমিক আৱদ্ধ হৈ পৰা বুলি আশংকা কৰা হৈছে।

কালি দুপৰীয়া প্ৰায় ২.৩০ বজাত খহি পৰা শিলৰ কুৱেৰীটো। এই ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পাছতে স্থানীয় আৰক্ষী আৰু প্ৰশাসনিক বিষয়া আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্মী সকল উপস্থিত হয় ঘটনাস্থলীত।

সন্ধিয়া প্ৰায় ৭ বজাত জিলা প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে- খনি কৰ্মীসকলক উদ্ধাৰ কৰিবলৈ পাঁচখন খননকাৰী (জেচিবি) মোতায়েন কৰা হৈছে। তেওঁ লগতে কয়- শিলৰ ধ্বংসাৱশেষৰ তলত এটা শিলৰ ক্ৰাচাৰ, ড্ৰিলিং মেচিন আৱদ্ধ হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply