নিউজ ডেস্ক: ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ সংগ্ৰহালয় শাখাই আজাদী কা অমৃত মহোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে নতুন দিল্লীৰ প্ৰগতি ময়দানত ১৮ মে’ৰ পৰা ২০ মে’লৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ‘আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনী-২০২৩’।

নতুন দিল্লীৰ প্ৰগতি ময়দানত আয়োজিত হোৱা ‘আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনী-২০২৩’ৰ দ্বিতীয় দিনা অসমক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ গ্ৰহন কৰে বিজ্ঞান,প্ৰযুক্তি তথা জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই ।

১৮ মে’ত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱসৰে সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ সংগ্ৰহালয় শাখাই আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনীখনৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী ‘সংগ্ৰহালয়ৰ ভৱিষ্যত- পৰিকল্পনা বিষয়ক মন্ত্রীস্তৰীয় আলোচনা’ত কেন্দ্ৰীয় সংস্কৃতি মন্ত্রী জি কিষাণ ৰেড্ডীৰ বিশেষ আমন্ত্ৰণত অসমৰ মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে ।

প্রগতি ময়দানৰ ৩ নং সভাগৃহত শুকুৰবাৰে কেন্দ্ৰীয় সংস্কৃতি দপ্তৰৰ মন্ত্ৰী কিষাণ ৰেড্ডীৰ সঞ্চালনাত হোৱা অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু সংস্কৃতি তথা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড০ মীনাক্ষী লেখী আদিও উপস্থিত থাকে । এই গুৰুত্বপূৰ্ণ আলোচনাত ভাগলৈ মন্ত্ৰী মহন্তই ‘পাৱাৰ পইণ্ট’ উপস্থাপনাৰ সহায়ত অসমৰ ঐতিহ্য-সংস্কৃতি তথা ঐতিহাসিক সমল বিষয়ক সংগ্ৰহালয়ৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তি সংগ্ৰহালয়ৰ বৰ্তমানৰ স্বৰূপ আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে বিস্তাৰিতভাৱে দাঙি ধৰে ৷

এই অনুষ্ঠানত মেঘালয়ৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী পল লিংডো, উৰিষ্যাৰ বিজ্ঞান-প্রযুক্তি মন্ত্রী অশোক চন্দ্ৰ পাণ্ডা, পুডুচেৰীৰ শিল্প আৰু সংস্কৃতি মন্ত্ৰী এছ চন্দ্ৰিকা প্রিয়াংগনা, পর্যটন মন্ত্ৰী কে লক্ষ্মীনাৰায়ণ, ৰাজস্থানৰ বিজ্ঞান-প্রযুক্তি মন্ত্রী ঝাহিদা খান, কেন্দ্রীয় সংস্কৃতি মন্ত্ৰালয়ৰ যুটীয়া সচিব মুগ্ধা সিনহায়ো ভাগ লয় ৷

মন্ত্ৰীস্তৰীয় আলোচনা কাৰ্যসূচীৰ পাচতে অসমৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰীগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰেড্ডী, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড০ লেখী আৰু বিভিন্ন ৰাজ্যৰ মন্ত্ৰীসকলৰ সৈতে প্ৰগতি ময়দানৰ ২ নং সভাকক্ষত ‘লাইট ফ’ৰ কালচাৰ, কালচাৰ ফ’ৰ লাইট’ শীৰ্ষক সংগ্ৰহালয়ত সঠিক আলোক ব্যৱস্থাৰ মহত্ব সম্পৰ্কীয় কাৰিকৰী উপস্থাপনাৰ এক কাৰ্যসূচীতো উপস্থিত থাকে ।

ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড০ মীনাক্ষী লেখীৰ সৈতে মন্ত্ৰী মহন্তই সুবিশাল সভাগৃহটোৰ বাকৰিত আয়োজিত সংগ্ৰহালয় বিষয়ক আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীখনো দৰ্শন কৰে ।

অনুষ্ঠানৰ মূল প্ৰদৰ্শনীৰ বিভিন্ন ষ্টল দৰ্শনৰ সময়ত অসমৰ মন্ত্ৰীগৰাকীৰ সৈতে পুডুচেৰীৰ শিল্প আৰু সংস্কৃতি মন্ত্ৰী এছ চন্দ্ৰিকা প্রিয়াংগনা আৰু পৰ্যটন মন্ত্ৰী কে লক্ষ্মীনাৰায়ণেও কেন্দ্ৰীয় মন্ত্রীদ্বয় অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে এই আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনীখনত অসম ৰাজ্যিক সংগ্রহালয়েও অংশগ্ৰহণ কৰিছে।

এছটেকৰ সঞ্চালক ড০ জয়দ্বীপ বৰুৱাৰ সৈতে অসমৰ ষ্টলটিও দৰ্শন কৰি মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যিক সংগ্ৰহালয়ক প্রতিনিধিত্ব কৰা দলটোৰ সৈতে মত বিনিময় কৰে । তদুপৰি ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদ (এনচিএছএম)ৰ প্ৰদৰ্শনী ষ্টলো দৰ্শন কৰি মন্ত্ৰী মহন্তই এনচিএছএমৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে অসমৰ সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰী (ছায়েন্স চিটি) ত সংযোজন হ’ব লগা বিজ্ঞান আৰু প্ৰযুক্তিৰ এটি বিশ্বমানৰ সংগ্ৰহালয়ৰ বিষয়ে চৰ্চা কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply