ৰাজৰ্ষি চহৰীয়া

যেতিয়াৰ পৰা ইন্টাৰনেট সেৱা-ছচিয়েল মিডিয়াৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে, তেতিয়াৰ পৰাই একাংশ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে সময়ে সময়ে এনে কিছুমান পোষ্ট কৰি আহিছে যিবোৰে দেশৰ নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলায়।

আৰু এনে ছচিয়েল মিডিয়াৰ একাউন্ট বা চেনেলবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আহিছে ভাৰত চৰকাৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ১৬ আগষ্টত ৮টা ইউটিউব চেনেল Block কৰি দিয়ে। কিয়নো এই ইউটিউব চেনেল কেইটাত ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা ভিডিঅ’ আপলোড কৰা হৈছিল।

লগতে আইন ব্যৱস্থা আৰু ভাৰতৰ আন ৰাষ্ট্ৰৰ সৈতে থকা সম্পৰ্কত ইউটিউব চেনেল কেইটাৰ ভিডিঅ’ই কুপ্ৰভাৱ পেলোৱাৰ অভিযোগত এই ব্যৱস্থা গ্ৰহণ কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে।

এই ৮টা ইউটিউব চেনেলৰ ভিতৰত ৭টা ভাৰতৰ আৰু এটা পাকিস্তানৰ। আৰু এই চেনেল কেইটাৰ মুঠ Views ১১৪ কোটি আৰু ৮৫ লাখ আছে Subscriber। উল্লেখ্য যে, এই চেনেল কেইটা IT আইন, ২০০০ৰ অধীনত Block কৰা হৈছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মতে, Block কৰা কেইটামান ইউটিউব চেনেলৰ উদ্দেশ্য আছিল ভাৰতৰ বিভিন্ন ধৰ্মৰ লোকৰ মাজত থকা সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ মাজত ভেদাভেদ অনা। চেনেল কেইটাত মিছা দাবী উত্থাপন কৰি ভিডিঅ’ও শ্বেয়াৰ কৰা হৈছিল।

উদাহৰণস্বৰূপে, ভাৰত চৰকাৰে ধৰ্মীয় সম্প্ৰীতি ধ্বংস কৰাৰ নিৰ্দেশ, ভাৰত চৰকাৰে ধৰ্মীয় উৎসৱ উদযাপন নকৰিবলৈ নিৰ্দেশ দিয়া, ভাৰতত ধৰ্মীয় যুদ্ধ ঘোষণা কৰা আদি। এনে ভুৱা ভিডিঅ’ৰে ভাৰতত সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰাৰ চেষ্টা কৰা দেখা গৈছিল।

এই ইউটিউব চেনেল কেইটাৰ ব্যৱহাৰ কৰা হৈছিল ভাৰতীয় সশস্ত্ৰ বাহিনী, জম্মু-কাশ্মীৰ আদি বিষয়ত ভুৱা বাতৰি পোষ্ট কৰিবলৈও।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে Block কৰা এই চেনেলবোৰ ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা, ৰাজ্যসমূহৰ নিৰাপত্তা, বিদেশী ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত বিষবাষ্প বিয়পাবলৈ ব্যৱহাৰ কৰি অহা হৈছিল।

এই চেনেল কেইটাত এনে কিছুমান উত্তেজনাপূৰ্ণ Thumbnail, একাংশ নিউজ চেনেলৰ Logo ব্যৱহাৰ কৰি দৰ্শকসকলৰ মাজত ভিডিঅ’ কেইটা প্ৰমাণিক বুলি বিশ্বাস যোগাই বিপথে পৰিচালিত কৰা দেখা গৈছিল।

এনে ধৰণৰ ছচিয়েল মিডিয়া একাউন্ট আৰু ইউটিউব চেনেলৰ ওপৰত পূৰ্বৰে পৰা তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে। ২০২১চনৰ পৰা বৰ্তমানৈ ১০২টা ইউটিউব চেনেল আৰু ছচিয়েল মিডিয়া একাউন্ট Block কৰাৰ নিৰ্দেশ দিছে মন্ত্ৰালয়ে।

ভাৰত চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে- প্ৰামাণিক, বিশ্বাসযোগ্য আৰু সুৰক্ষিত অনলাইন সংবাদ মাধ্যমৰ পৰিৱেশ নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আৰু ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা, ৰাষ্ট্ৰীয় সুৰক্ষা, বৈদেশিক সম্পৰ্কত প্ৰভাৱ পেলাব বিচৰা যিকোনো অপচেষ্টা বিফল কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply