নিউজ ডেস্কঃ ৰাজ্যৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে উত্থাপন হৈছে এগৰাকী যুৱতীৰ অপহৰণৰ ঘটনাৰে জড়িত থকা বুলি। এ আই ইউ ডি এফৰ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে উঠিছে এই চাঞ্চল্যকৰ অভিযোগ।

মন্দিয়াৰ ৰিতুল হুছেইন নামৰ এজন যুৱকে আন কেইজনমান বন্ধুৰ সৈতে বৰপেটাৰ এগৰাকী যুৱতীক অপহৰণ কৰি বিধায়ক গৰাকীৰ আৱাসলৈ আনি যুৱতী গৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। 

ইফালে, ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত যুৱতীগৰাকীৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ। ৬ ফেব্ৰুৱাৰীতেই এই সন্দৰ্ভত দাখিল কৰা হৈছিল এজাহাৰ।

এজাহাৰখনত উল্লেখ কৰা হৈছে যে বিগত বৰ্ষৰ ২৭ জুলাইত বিধায়ক আবাসৰ পৰা যুৱতীগৰাকীক লৈ গৈ হত্যা কৰাৰ চেষ্টা কৰিছিল৷ আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। 

এআইইউডিএফৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে এই অভিযোগ সঁচা নে মিছা সেয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply