ৰাজৰ্ষি চহৰীয়া
দুবছৰ কাল কোৰোনা মহামাৰীয়ে ভাৰতত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰি সাধাৰণ জনজীৱন স্তব্ধ কৰি পেলাইছিল। তাৰপাছত ক্ৰমান্বয়ে সাধাৰণ হ’বলৈ ধৰিছে পৰিস্থিতি। কিন্তু এইবাৰ দেশত দেখা দিছে মাংকীপক্সৰ সংক্ৰমণ।
ক্ৰমাৎ মাংকীপক্সৰ সংক্ৰমণ ভাৰতত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে এক গাইডলাইন জাৰি কৰে। আৰু এই গাইডলাইনত মাংকীপক্সত আক্ৰান্ত নহ’বলৈ কি কি কৰিব লাগে সেই সম্পৰ্কে উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে।
কিন্তু তাৰ আগতে আমি জানি লওঁ আহক মাংকীপক্স কি?
মাংকীপক্স হৈছে এক ভাইৰেল zoonotic ৰোগ, যাৰ লক্ষণবোৰ স্মলপক্সৰ দৰে। ১৯৫৮চনত প্ৰথম বাৰলৈ গৱেষণাৰ বাবে ৰখা বান্দৰৰ উপনিবেশত আৱিষ্কাৰ কৰা হৈছিল এই ভাইৰেল ৰোগ আৰু সেয়েহে ইয়াৰ নাম ৰখা হয় মাংকীপক্স।
তাৰপাছত ১৯৭০চনত ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগোত প্ৰথমবাৰৰ বাবে মানুহৰ দেহত দেখা দিছিল এই ভাইৰাছৰ উপস্থিতি। মাংকীপক্স প্ৰাথমিকভাৱে মধ্য আৰু পশ্চিম আফ্ৰিকাৰ লোক আক্ৰান্ত হৈছিল। কিন্তু ২০০৩চনত এই ভাইৰাছ আমেৰিকালৈ বিয়পি পৰে।
মাংকীপক্স সাধাৰণতে ৩-৪ সপ্তাহলৈকে থকা লক্ষণৰ সৈতে এক স্ব-সীমিত ৰোগ। শিশুৰ ক্ষেত্ৰত ই অধিক সোনকালে বিয়পি পৰে।
মাংকীপক্স বিয়পাৰ ধৰণসমূহ
মানুহৰ পৰা মানুহৰ সংক্ৰমণ প্ৰাথমিকভাৱে শ্বাস-প্ৰশ্বাসৰ জৰিয়তে এই ভাইৰাছ বিয়পিব পাৰে। অৱশ্যে ইয়াৰ বাবে ঘনিষ্ঠ সম্পৰ্কৰ প্ৰয়োজন। তদুপৰি এই ভাইৰাছত সংক্ৰমিত কোনো ব্যক্তিৰ কাপোৰৰ জৰিয়তে বিয়পিব পাৰে।
জন্তুৰ পৰাও মানুহলৈ এই ভাইৰাছ বিয়পিব পাৰে। যেনে এই ভাইৰাছত আক্ৰান্ত নিগনি, বান্দৰে কামুৰিলে বা ঘৰত ৰখা খাদ্যত সেই সংক্ৰমিত নিগনি আদিয়ে মুখত দিলে তাৰ পৰাও সংক্ৰমন বিয়পিব পাৰে।
এই ভাইৰাছৰ সাধাৰণ লক্ষণসমূহ
মাংকীপক্সত আক্ৰান্ত হ’লে সাধাৰণতে দেখা দিয়ে লক্ষণ সমূহ ক্ৰমে- জ্বৰ, মূৰৰ বিষয়, পেশীৰ বিষ, ঠাণ্ডা লগা বা ঘাম ওলোৱা, ডিঙিৰ বিষ, কাহ, খজুৱতি আদি।
স্বাস্থ্য মন্ত্ৰালয়ে মাংকীপক্সত সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহা লোকসকলৰ নিৰীক্ষণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।
১. সংক্ৰামক সময়ত ৰোগীৰ কোনো সামগ্ৰীৰ সৈতে সংস্পৰ্শলৈ অহা লোকক ২১ দিনৰ বাবে প্ৰতিদিনাই তেওঁলোকৰ দেহত মাংকীপক্সৰ কোনো লক্ষণ দেখা দিছে নেকি তাৰ ওপৰত দৃষ্টি দিব লাগে।
২. যদি তেনে কোনো ব্যক্তিৰ দেহত লক্ষণ দেখাও দিয়া নাই তথাপিও তেওঁলোকে ৰক্ত, কোষ বা দেহৰ কোনো অংগ দান কৰিব নালাগে।
৩. মাংকীপক্সত আক্ৰান্ত ৰোগীৰ সামগ্ৰীৰ সৈতে যদি কোনো স্বাস্থ্য কৰ্মী সংস্পৰ্শলৈ আহেও তেন্তে তেওঁলোকক কৰ্তব্যৰ পৰা আঁতৰোৱাৰ প্ৰয়োজন নাই, কিন্তু আগন্তুক ২১ দিনৰ বাবে তেওঁলোকৰ দেহত সংক্ৰমণৰ লক্ষণ দেখা দিছে নেকি তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।

মাংকীপক্স ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ ব্যৱস্থা-
১. এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ অহা বিচনা বা অন্য সামগ্ৰীৰ সংস্পৰ্শ পৰিহাৰ কৰা।
২. সংক্ৰমিত ৰোগীসকলক আনৰ পৰা পৃথক কৰি ৰখা।
৩. সংক্ৰমিত জন্তু বা মানুহৰ সংস্পৰ্শলৈ অহাৰ পাছত হাত ভালকৈ পৰিষ্কাৰ কৰাৰ অভ্যাস কৰা।
৪. ৰোগীৰ যত্ন লওঁতে উপযুক্ত ব্যক্তিগত সুৰক্ষা সঁজুলি অৰ্থাৎ পিপিই কিট ব্যৱহাৰ কৰা।
৫. ভাইৰাছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে নতুন ঘটনাৰ নিৰীক্ষণ আৰু দ্ৰুত চিনাক্তকৰণ গুৰুত্বপূৰ্ণ।
৬. মাংকীপক্সত আক্ৰান্ত বুলি নিশ্চিত হ’লে বা এই ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহযুক্ত ব্যক্তিৰ নমুনা সংগ্ৰহ কৰা স্বাস্থ্যকৰ্মীসকলে সাৱধানতা অৱলম্বন কৰিব লাগে।