মূল লেখক অনুপম চক্ৰৱৰ্তী
শিৱসাগৰ জিলাৰ ডিমৌৰ যুৱ পৰ্যটন উদ্যোগী জ্ঞানদীপ বৰগোহাঁইয়ে (৩৫) যোৱা কেইবা বছৰ ধৰি অৰুণাচল প্ৰদেশত অনুষ্ঠিত জিৰো সংগীত মহোৎসৱ (Ziro Festival of Music)-ত পৰ্যটকৰ বাবে কেম্পিং ব্যৱস্থাৰ আয়োজন কৰি আহিছে। পিছে আন বছৰৰ দৰে এইবাৰো সংগীত মহোৎসৱটোত ভাগ লৈ যোৱা ৭ অক্টোবৰত মহোৎসৱ সামৰি ঘৰলৈ উভতি আহি থকা জ্ঞানদীপৰ দলটোৰ হয়টো মুঠেও ধাৰণা নাছিল যে তেওঁলোকৰ সৈতে কি হ’বলৈ গৈ আছে, তাকো নিজৰ গৃহ চহৰখনতে।
অভিযোগ অনুসৰি, ৮ অক্টোবৰৰ পুৱা বৰগোহাঁই আৰু তেওঁৰ দলটোৰ ওপৰত মৰাণ আৰক্ষী থানাত অতি নিৰ্মম অত্যাচাৰ চলে। মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিজয় দৈমাৰী আৰু মানৱ হাজৰিকা, পাপু দোৱৰা, দুদুল লেখাৰু নামৰ তিনিজন যুৱকৰ বিৰুদ্ধে আক্ৰমণত জড়িত থকাৰ অভিযোগ উঠিছে।
আৰক্ষীৰ বিৰুদ্ধে বৰগোহাঁই আৰু তেওঁৰ দলটোৱে আন এক গুৰুতৰ অভিযোগ আনিছে – আৰক্ষী বিষয়াসহ দুজন অসামৰিক লোকে তেওঁলোকক অপৰহণ কৰি নি কেইবা ঘণ্টা ধৰি অস্ত্ৰ আৰু আৰক্ষীৰ লাঠীৰে প্ৰহাৰ কৰাৰ লগতে যৌন অত্যাচাৰ চলায়।
জানিব পৰা মতে এই নিৰ্বিচাৰ আক্ৰমণৰ বলি হোৱাসকলৰ ভিতৰত Kevileto Whiso নামৰ নাগালেণ্ডৰ পশ্চিম আংগামি ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ো আছে। তেওঁ নাগালালেণ্ডত অনুষ্ঠিত হৰ্ণবিল ফেষ্টিভেললৈ অহা দৰ্শনাৰ্থীসকলৰ বাবে কেম্পিঙৰ আয়োজনত দলটোক সহায় কৰি আছিল।

ঘটনা সন্দৰ্ভত যোৱা ৮ অক্টোবৰত মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰীয়ে এক সংবাদমেল সম্বোধন কৰি বৰগোহাঁইৰ দলটো আৰু তেওঁৰ বন্ধুসকলে ৭ অক্টোবৰৰ নিশা এখন ৰেষ্টুৰেণ্টত দৈমাৰীৰ পত্নীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ আনে।
“মই মানিছো যে অপৰাধ স্বীকাৰ কৰাবলৈ আমি তেওঁলোকৰ ওপৰত কিছু বল ব্যৱহাৰ কৰিবলগীয়া হৈছিল,” সাংবাদিকৰ আগত দৈমাৰীয়ে কয়।
ঘটনাৰ পিছদিনা, ৯ অক্টোবৰত ডিব্ৰুগড়ৰৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই যুৱককেইজনৰ বিৰুদ্ধে কৰা কাৰ্যৰ বাবে দৈমাৰীক ৰিজাৰ্ভ ক্ল’জলৈ প্ৰেৰণ কৰে। “যুৱককেইজনৰ ওপৰত চলোৱা কাৰ্যৰ বাবে দৈমাৰীৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলি আছে। ডিমৌ থানাত এই সন্দৰ্ভত এটা গোচৰ দাখিল কৰা হৈছে,” মিশ্ৰই ইষ্টম’জ’ক জনায়।
অৱশ্যে, স্থানীয় দল-সংগঠনে এই ঘটনাক সহজভাৱে গ্ৰহণ কৰা নাই। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ আঞ্চিল শাখা, সদৌ অসম টাই-আহোম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-চত্ৰ পৰিষদ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ দেউৰী ছাত্ৰ সন্থা, সদৌ মেচ-কছাৰী যুৱ পৰিষদ আদি কেইবাটাও স্থানীয় সংগঠনে দৈমাৰীৰ লগতে আন অভিযুক্ত আৰক্ষী বিষয়া আৰু নিৰ্যাতনত জড়িত থকাৰ অভিযোগ উঠা যুৱক কেইজনৰ গ্ৰেপ্তাৰৰ দাবীত ডিমৌ আৰু মৰাণত প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ উপৰি, মৰাণ আৰক্ষীৰ বৰ্বৰ কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত নিখিল ভাৰত কৃষক সভা আৰু সন্মিলিত ঐক্য মঞ্চই ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ কাষ চাপিছে।
এটি তিনিমহীয়া কন্যা সন্তানৰ পিতৃ, কাইট মাঞ্জা ট্যুৰ সঞ্চালক বৰগোহাঁইয়ে যোৱা কেইবাবছৰ ধৰি উত্তৰ-পূবত ট্ৰেকাৰসকলৰ লগতে বিভিন্ন মহোৎসৱলৈ যোৱা লোকসকলৰ বাবে কেম্পিঙৰ আয়োজন কৰি আহিছে। ইষ্টম’জ’ক তেওঁ জনাই যে তেওঁৰ কোম্পানীয়ে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীক সংস্থাপন দিয়াৰ লগতে স্থানীয় লোককো জড়িত কৰে যাতে অঞ্চলটো ভ্ৰমণ কৰা পৰ্যটসকলে ঠাইখিনিৰ এক প্ৰকৃত অভিজ্ঞতা লাভ কৰে।
“জিৰোত যথেষ্ট ভালকৈ কেম্পিং সামৰি ৭ অক্টোবৰৰ নিশা মোৰ কৰ্মচাৰীসকলৰ সৈতে আমি মোৰ গৃহ চহৰলৈ গৈ আছিলো। আমাৰ ইতিমধ্যে যথেষ্ট পলম হৈছিল, গতিকে ৰাতিখন গোটেই দলটোৰ কাৰণে খোৱা-বোৱাৰ যোগাৰ কৰিবলৈ কৈ মই ঘৰত দিগদাৰ দিব বিচৰা নাছিলো। সেয়ে ডিমৌত থকা মোৰ দুই বন্ধু পাৰ্থ জ্যোতি মেচ আৰু সীমান্ত দেউৰীক ফোন কৰি দলটোৱে খাবলৈ ৰেষ্টুৰেণ্ট এখন ঠিক কৰিবলৈ কলো,” বৰগোহাঁইয়ে কয়।

দলটোৱে ঘাইপথত নতুনকৈ খোলা ‘পেচিফিকা ইন’ নামৰ এখন ৰেষ্টুৰেণ্টত ৰাতিৰ আহাৰ গ্ৰহণ কৰি উঠি ডিমৌত থকা বৰগোঁহাইৰ ঘৰলৈ যায়গৈ। তেওঁ আৰু কয়, “কিছু সময় গোটেই দলটোৱে একেলগে বহি আগন্তুক অনুষ্ঠানসমূহৰ বাবে কেতবোৰ পৰিকল্পনা কৰা হয় আৰু তাৰ পিছত দলটোৱে আমাৰ চৌহদতে থকা এটা সৰু ‘কেম্পিং এৰিয়াত’ শুবলৈ গুচি যায়।”
ইতিমধ্যে মাজনিশা পাৰ হৈ গৈছিল যদিও নতুনকৈ অহা কেইটামান এছাইনমেন্টৰ বাবে ইমেইলৰ ৰিপ্লাই দিব লগীয়া হোৱাত বৰগোহাঁই সাৰে আছিল। অৱশ্যে, ৭০ বছৰ পাৰ কৰা তেওঁৰ মাক-দেউটাক তেতিয়ালৈ শুই গৈছিল।
“প্ৰায় ৩:১৫ বজাত আমাৰ ঘৰৰ গেটত জোৰকৈ খুন্দা মৰাৰ শব্দ হৈছিল। কি হৈছে চাবলৈ ভাইটিৰ সৈতে মই বাহিৰলৈ ওলাই আহি দেখো যে বন্ধু পাৰ্থৰ মুখৰ পৰা বেয়াকৈ তেজ ওলাই আছিল। তাক দেখি মই প্ৰথমে সি উভতি আহোতে কিবা দুৰ্ঘটনাত আহত হোৱা বুলি ভাবিছিলো,”-বৰগোহাঁইয়ে কয়।
অলপ পিছতে ডিমৌৰ এজন ট্ৰেফিক পুলিচ আৰু বেটেলিয়নৰ পোছাকত থকা এজন আৰক্ষীৰ পিছে পিছে অসামৰিক কাপোৰ পিন্ধা তিনিজন লোক তেওঁলোকৰ চৌহদত প্ৰৱেশ কৰি বৰগোহাঁইক তেওঁৰ কৰ্মচাৰীসকল ক’ত শুই আছে দেখুওৱাই দিবলৈ কয়।
“মানুহকেজনৰ মাজৰ এজনে মৰাণ বিষয়াজনক মোৰ পিনে আঙুলি টোৱাই দেখুওৱায়। তেওঁলোকে আমাৰ সকলোকে ডিমৌ থানালৈ যাব লাগিব বুলি কয়৷ তেওঁলোকৰ এজনে ‘কেম্পিং এৰিয়ালৈ’ গৈ মোৰ কৰ্মচাৰীসকলক গোৰ মাৰিবলৈ ধৰে,” বৰগোহাঁইয়ে কয়।
আৰক্ষীৰ লোকজনে বৰগোহাঁইক তেওঁৰ বাহনখন লগত লৈ আহিবলৈ কয় আৰু তাৰ পিছত ঘৰৰ পৰা মাত্ৰ ৮০০ মিটাৰ দূৰত্বত থকা ডিমৌ আৰক্ষী থানালৈ গৈ থকাৰ পথত হঠাতে তেওঁলোকক প্ৰায় ২৪ কিলোমিটাৰ দূৰত থকা মৰাণ আৰক্ষী থানালৈ যাব লাগিব বুলি জনায়। “মই কিবা সুধিবলৈ পোৱাৰ আগতেই এখন বাহনত মোৰ দলৰ একাংশ সদস্যক খৰখেদাকৈ উঠাই লৈ যোৱা হ’ল,” তেওঁ লগতে জনায়।
বৰগোহাঁই আৰু তেওঁৰ বন্ধু পাৰ্থ মেচে দিয়া বিবৃতি অনুসৰি মৰাণ আৰক্ষী থানাত তেওঁলোক সকলোকে শাৰী পতাই আৰক্ষী আৰু অসামৰিক পোছাকত থকা লোক দুজনে পাল পাতি মাৰপিট চলোৱা আৰম্ভ কৰে।
“আমাক কিয় এইদৰে থানালৈ অনা হৈছে বুলি মই গৈ সোধাত দৈমাৰীয়ে মোক কৰঙনৰ চুকত গোৰ শোধায়,” বৰগোহাঁইয়ে কয়।
মাৰপিট চলাই যোৱাৰ মাজতে অসামৰিক পোছাকত থকা এজন লোকে কয় যে তেওঁলোকৰ দলটোৰ কোনোবাই আৰক্ষী বিষয়াজনৰ পত্নীৰ সৈতে বেয়া আচৰণ কৰিছিল। “আমি লগে লগে ইয়াৰ বিৰোধিতা কৰিছিলো যদিও আৰক্ষীয়ে মাৰপিট চলাই থাকিল, ব্যক্তিগত অংশত আঘাত কৰি থাকিল,” তেওঁ লগতে কয়।
পিছত, ৮ অক্টোবৰৰ পুৱা, যুৱক কেইজনক চিনাক্ত কৰাৰ উদ্দেশ্যে দৈমাৰীৰ পত্নী থানালৈ আহে।
“তেওঁক দেখিয়ে বিপথে পৰিচালিত কৰা যেন অনুমান হৈছিল। অৱশ্যে বড়ো ভাষাত পতা তেওঁলোৰ এটা শব্দও আমি বুজিব পৰা নাছিলো। কিন্তু পিছত আমি নহয় বুলি তেওঁ মূৰ জোকাৰাত আমি যথেষ্ট সকাহ পাওঁ,” বৰগোহাঁইয়ে কয়।
আনহাতে, যুৱ ব্যৱসায়ীজনৰ মতে, দৈমাৰীৰ পত্নী থানালৈ অহাৰ পিছতহে আচল নিৰ্যাতন আৰম্ভ হৈছিল। বৰগোহাঞিৰ দলটোক উলংগ কৰা হৈছিল আৰু তেওঁলোকৰ তপিনাত বৰগোহাঁইক চৰ মাৰিবলৈ কোৱা হৈছিল, এই দৃশ্য আৰক্ষী আৰু অসামৰিক পোছাকত থকা যুৱক কেইজনে তেওঁলোকৰ কেমেৰাত বন্দী কৰিছিল।
“মোক কোৱা হৈছিল যে যদি মই বা মোৰ দলটোৱে যদি কাৰোবাক এই অপহৰণ আৰু অত্যাচাৰৰ বিষয়ে কওঁ, তেন্তে এই ভিডিঅ’ বিলাক প্ৰতিটো সংবাদ মাধ্যমৰ লগতে সকলোতে প্ৰচাৰ কৰি আমাৰ কেৰিয়াৰ শেষ পেলোৱা হ’ব,” তেওঁ কয়।
ইফালে, থানাৰ বাহিৰত ইতিমধ্যে তেওঁলোকৰ মুক্তিৰ দাবীত মানুহ গোট খাবলৈ ধৰাত দৈমাৰীয়ে বৰগোহাঁইক কিবা এটা বুজাবুজিলৈ আহিবলৈ জোৰ দিয়া বুলি অভিযোগ উঠিছে।
“আমাৰ ট্ৰাক চালকজন মুছলমান আছিল। তেওঁ মোক সকলো অভিযোগৰ পৰা ৰেহাই পাবলৈ গোটেই কাণ্ডটো ট্ৰাক চালকজনৰ ওপৰত জাপি দিবলৈ ক’লে। অৱশ্যে মই মান্তি নহ’লো,” বৰগোহাঁইয়ে কয়।
তেওঁ আৰু কয়, “মই মোৰ দলটো ইয়াৰ পৰা সম্পূৰ্ণৰূপে আঁতৰত থকাটো বিচাৰিছিলো, গতিকে আমি যি অপৰাধ কৰিছো বুলি তেওঁলোকে ভাবে তাৰ বাবে মোক অভিযুক্ত কৰিবলৈ মই আৰক্ষীক কওঁ। মোৰ বন্ধু পাৰ্থয়েও অভিযুক্ত হ’বলৈ নিজে গাত পাতি লয়। এইবিলাক ঘটি থকাৰ সময়ত মোৰ ট্ৰাকচালকজনৰ সৈতে দলটোৰ যুৱ ইন্টাৰ্ণসকলক আন এটা কোঠাত মাৰপিট চলাই থকা হৈছিল। আমি কোনোধৰণৰ অপৰাধ স্বীকাৰ কৰা নাছিলো।“
এই সকলোবিলাক ঘটনা ঘটাৰ পূৰ্বে পাৰ্থ আৰু তেওঁৰ বন্ধু সীমান্তই আন এক অবাঞ্চনীয় পৰিস্থিতিৰ সন্মুখীন হৈছিল। ‘Pacifica Inn’-ৰ পৰা ওলাই অহাৰ পিছতে তেওঁলৈ এটা অচিনাক্ত নম্বৰৰ পৰা কোনো লোকে ফোন কৰি ডিমৌৰ এজন চিনাকী বন্ধুৰ মৰাণৰ সমীপৰ নাহৰণিত দুৰ্ঘটনা ঘটা বুলি কয়।
“পাৰ্থই ফোনটোৰ কথা বিশেষ নাভাবি নাহৰণিৰ দিশে ৰাওনা হয়। ইয়াত দৈমাৰী, সাধাৰণ পোছাকত থকা লোককেইজন আৰু আন এজন আৰক্ষী বিষয়াই তেওঁলোকক আগচি ধৰে। তেওঁলোকক ৰাস্তাত পেলায় লৈ লোককেইজনে মাৰপিট আৰম্ভ কৰাৰ লগতে আৰক্ষীয়ে উপৰ্যুপৰি বুকুত গুৰিয়াব ধৰে। আনকি তেওঁলোকৰ গুপ্তাংগতো আঘাত কৰা হৈছিল,” বৰগোহাঁইয়ে কয়। পিছত পাৰ্থ আৰু সীমান্তক থানালৈ আনি জ্ঞানদীপ বৰগোহাঁইৰ ঠিকনা বিচৰা হয়।
পিছত বৰগোহাঁইয়ে তেওঁৰ সূত্ৰৰ পৰা জানিব পাৰে যে তেওঁলোকে ৰাতিৰ আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত একেখন ৰেষ্টুৰেণ্টতে দৈমাৰী তথা তেল টেংকাৰ মাফিয়া আৰু অবৈধ সুৰা মাফিয়াৰ সৈতে জড়িত থকাৰ অভিযোগ থকা কেইজনমান স্থানীয় গুণ্ডায়ো মদ্যপান কৰি আছিল। আনহাতে পাপু দুৱৰা নামৰ ৰেষ্টুৰেণ্টখনৰ মালিকজনো অভিযুক্তৰ মাজৰ এজন। বৰগোহাঁইয়ে জনোৱা মতে আৰক্ষীৰ লোকে দৈমাৰীৰ পত্নীৰ ওপৰত কৰা ‘অশালীন ব্যৱহাৰ’ৰ ভিডিঅ’ ৰেকৰ্ড কৰি ৰাখিছিল।
“ভিডিঅ’টোত এনেকুৱা একোৱে নাই য’ত মই বা মোৰ দলটোৱে আনকি আৰক্ষী বিষয়া বা তেওঁৰ পত্নীৰ লগত কথা পতা বুলিও প্ৰমাণ কৰিব পাৰি। আমি তেওঁলোকক আনকি দেখাও নাছিলো,” বৰগোহাঁইয়ে লগতে কয়।
এইপৰ্যন্ত ডিব্ৰুগড় আৰক্ষীয়ে সাধাৰণ পোছাকত থকা এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই। পৰ্যটকৰ আগমন আৰু তাক লৈ প্ৰস্তুতি চলোৱাত ব্যস্ত থকা বৰগোহাঁই আৰু তেওঁৰ দলটোৰ বাবে এইয়া দুঃস্বপ্নতকৈ কম নহয়। “মই পৰৱৰ্তী এচাইনমেণ্টকলৈ মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিছো কিন্তু যোৱা কেইদিনত আমাৰ সৈতে যি ঘটিল সেই আঘাতৰ পৰা ওলাই অহাটো যথেষ্ট কঠিন হ’ব। আমি অভিযুক্তসকলৰ বিৰুদ্ধে উচিত আৰু ক্ষিপ্ৰ ব্যৱস্থা হোৱাটো বিচাৰো,” তেওঁ কয়।
ইংৰাজীত পঢ়ক – ‘Moran cops sexually assaulted us,’ says Assam tour operator