মৰাণ, স্বপনীল দেউৰীঃ নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফুটুকাৰে বাঢ়িছে বুঢ়ীদিহিং নৈ৷ মৰাণৰ সমীপৱৰ্তী চহৰীকটাৰ কেইবাখনো গাঁৱত বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷
দুলীয়াজান সমষ্টিৰ অন্তৰ্গত চহৰীকটা কৈৱৰ্ত্ত গাঁৱত ইতিমধ্যে বাট-পথৰ লগতে বহু পৰিয়ালৰ বাসগৃহ বানপানীয়ে বুৰাই পেলাইছে৷ প্ৰায় ৯২ টা পৰিয়াল বসবাস কৰা গাঁওখনত বানত বুৰ গৈছে বিস্তৰ কৃষিভূমি ৷
মথাউৰিত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে বহু পৰিয়ালে৷ দুলীয়াজান আৰু টিংখাং সমষ্টিৰ সীমামূৰীয়া এই অঞ্চলটো প্ৰতিবাৰেই বানৰ কৱলত পৰি আহিছে যদিও দুলীয়াজান সমষ্টিৰ বিধায়কে কোনোদিনেই বানাক্ৰান্তৰ খবৰ নোলোৱাৰ অভিযোগ কৰিছে গাঁওবাসীয়ে ৷
চৰকাৰ-প্ৰশাসনৰ পৰা কোনো সহায়-সাহাৰ্যও লাভ কৰা নাই বুলি জানিবলৈ দিছে বানাক্ৰান্তই ৷