মৰাণঃ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকাৰ নেতৃত্বত ২৮ জুলাই তাৰিখে ওলোৱা প্ৰতিবাদী সমদলত আহোম জাতি মুর্দাবাদ শ্ল’গান দিয়াক লৈ মৰাণত ৭ টাকৈ জাতীয় সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

টাই আহোম যুৱ পৰিষদ অসম ( টাইপা)ৰ উদ্যোগত সদৌ অসম আহোম সভা, আহোম জাতীয় গণ মঞ্চ, টাই আহোম জাতীয় পৰিষদ, আহোম সেনা, আহোম জাতীয় মহাসভা আৰু মহন দেউধাই বাইলুং সন্মিলনৰ সহযোগত মৰাণৰ মাজমজিয়াত বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদস্থলীৰ পৰাই আহোম জাতিক অপমান কৰা বিজেপি মহিলা মৰ্চাৰ নেত্ৰী আঙুৰলতা ডেকাক আইনগত শাস্তি দিবলৈ দাবী উত্থাপন কৰে। যদি আঙুৰলতাক আইনগত শাস্তি নিবিহে তেনেহ’লে জংগী আন্দোলৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply