মৰাণ, স্বপনীল দেউৰী: মৰাণত ছাত্ৰ-ছাত্ৰীৰ হাতত পাঠ্যপুথিৰ পৰিৱৰ্তে দেখা গ’ল কাচি, বিৰিয়ামাৰি, ধানৰ মুঠি। মৰাণৰ এখন বিদ্যালয়ৰ এয়া এক ব্যতিক্ৰম প্ৰয়াস। 

মৰাণ ডোমৰদলং বাল্য বিকাশ বিদ্যালয়ত চলোৱা হৈছে এই ব্যতিক্ৰমী প্ৰয়াস। ডিব্ৰুগড় জিলাৰ মৰাণ বাল্য বিকাশ বিদ্যালয়ৰ শিক্ষাৰ্থী ব্যস্ত আজি আঘোনৰ শস্য পথাৰত সোণগুটি চপোৱাত। কাৰণ তেওঁলোকে বাৰিষা কালত ৰোপন কৰা শস্য কঠিয়া এতিয়া খৰালি আঘোণত সোণগুটিলৈ ৰূপান্ত হৈছে।

প্ৰত্যেকৰ মনত আনন্দৰ বন্যা। ছাত্ৰী সকলৰ হাতত কাচি, সোণগুটিৰ মুঠি। ছাত্ৰ সকল ব্যস্ত ধানৰ মুঠি একগোট কৰি কন্ধত ডাঙৰী লৈ ধান চপোৱাত। এই বিদ্যালয়খনে শিক্ষাৰ্থী সকলক পুথিগত শিক্ষাৰ উপৰিও চেষ্টা কৰি আহিছে মানৱ সম্পদ গঢ় দিয়াত সকলো ক্ষেত্ৰতে শিক্ষাদান কৰাৰ ।

ইফালে, ছাত্ৰ-ছাত্ৰী সকলক সহায় কৰিছে অভিভাৱক সকলেও। পথাৰতে জুতি লৈছে ৰবাৱ টেঙাৰ। মুঠৰ ওপৰত চহা খেতিয়কৰ জীৱনৰ অভিজ্ঞতাৰে সকলো ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়াৰ চেষ্টা বিদ্যালয়খনৰ। 

শিক্ষাৰ্থীসকলে ভৱিষ্যতে যাতে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে তাৰ বাবে বিদ্যালয়খনৰ অধ্যক্ষ ড৹ স্বপন চুতীয়াই লৈছে এই পদক্ষেপ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply