মৰাণ, স্বপনীল দেউৰীঃ মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ এগৰাকী ৫ মহীয়া অন্তঃসত্ত্বা শিক্ষয়িত্ৰীক প্ৰহাৰ কৰা ঘটনাক লৈ মৰাণত অব্যাহত আছে প্ৰতিক্ৰিয়াৰ। যোৱা ২৭ নৱেম্বৰত জৱাহৰ নবোদয় বিদ্যালয়ৰ নৱম, দশম আৰু একাদশ শ্ৰেণীৰ ২২ জনকৈ ছাত্ৰই শিক্ষয়িত্ৰী গৰাকীক প্ৰহাৰ কৰি আহত কৰিছিল ।
ইয়াৰ পিছতে কালি বিদ্যালয় কৰ্তৃপক্ষই ২২ জন ছাত্ৰৰ নাম তালিকা প্ৰস্তুত কৰি ছাত্ৰ সকলক ঘৰলৈ পঠিয়াবলৈ ব্যৱস্থা গ্ৰহণ কৰে। এই বিষয়ে খবৰ ওলোৱাৰ পিছতে নিশালৈ বিদ্যালয়খনৰ চৌহদত অভিভাৱক আৰু ছাত্ৰ সকলে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ।
ঘটনাস্থলীত মৰাণ আৰক্ষী, চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও অভিভাৱক সকলে এই সিদ্ধান্ত মানি ল’বলৈ অমান্তি হয় । পিছত অৱশ্যে বিদ্যালয় কৰ্তৃপক্ষ, আৰক্ষী আৰু চক্ৰ বিষয়াৰ বুজনিত অভিভাৱক সকল শান্ত হয় ।
বিদ্যালয় কৰ্তৃপক্ষই অভিযুক্ত ২২ জন ছাত্ৰক ৬ মাহৰ বাবে বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰি ঘৰলৈ পথাই দিছে । লগতে পৰীক্ষাৰ ক্ষেত্ৰত অৱশ্যে কিছু শিথিলতা ৰখা হ’ব বুলি জানিবলৈ দিছে ।